পবিতৰা অভয়াৰণ্যত প্ৰভাকৰ বৰুৱা স্মৃতি ন্যাসৰ উদ্যোগত বন্যাকালীন আবাসগৃহ নির্মাণ

পবিতৰা অভয়াৰণ্যত প্ৰভাকৰ বৰুৱা স্মৃতি ন্যাসৰ উদ্যোগত বন্যাকালীন আবাসগৃহ নির্মাণ

author-image
Asomiya Pratidin
New Update
পবিতৰা অভয়াৰণ্যত প্ৰভাকৰ বৰুৱা স্মৃতি ন্যাসৰ উদ্যোগত বন্যাকালীন আবাসগৃহ নির্মাণ

ডিজিটেল ডেস্কঃ প্রভাকৰ বৰুৱা স্মৃতি ন্যাসে ২০ জন বনকৰ্মীয়ে সুৰক্ষিতভাৱে বানপানীৰ দুৰ্যোগৰ কালত নিয়াৰিকৈ তেওঁলোকৰ কৰ্তব্য পালন কৰিব পৰাকৈ বন্যাকালীন ব্যৱহাৰোপযোগী আবাসগৃহ এটি নিৰ্মাণ কৰি বন বিভাগক উচৰ্গা কৰিছে।

Advertisment

বানপানীৰ সময়ত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিবাৰণ কৰি আৰু চোৰাং চিকাৰীৰ কাৰ্যকলাপ বাধা দি অভয়াৰণ্যৰ তদাৰক কৰাৰ ক্ষেত্ৰত বনকৰ্মীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। অভয়াৰণ্যৰ দুৰ্গম অৰণ্যৰ ভিতৰত নিষ্ঠাৰে কৰ্তব্যপালন কৰা এই বনকৰ্মীসকলৰ বাসগৃহ বানপানীত ডুব যোৱাৰ ফলত তেওঁলোকৰ আলৈ আথানি অৱস্থা হয়। ফলত পবিতৰা আৰু মায়ং অঞ্চলৰ বন্যপ্ৰাণী আৰু ৰাইজ নানান বিপদৰ সন্মুখীন হ'ব লগা হয়।

এই বনকৰ্মীসকলৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰিলে চোৰাং চিকাৰীৰ পৰা অভয়াৰণ্যৰ গড়বোৰক ৰক্ষা কৰা আৰু জনবসতিপূর্ণ এলাকালৈ সিহঁতক ওলাই নোযোৱাকৈ ৰখা সম্ভৱ নহয়। সেই বাবে বানপানীৰ সময়ত বানৰ কোবাল সোঁতত ভাঁহি যোৱা নিঃসহায় গড়বোৰ নিধন কৰাৰ সুযোগ চোৰাং চিকাৰীয়ে লয়।

প্রভাকৰ বৰুৱা স্মৃতি ন্যাসে গ্ৰহণ কৰা এই পদক্ষেপৰ ফলত অভয়াণ্যৰ কাষৰীয়া অঞ্চলৰ ৫ খনকৈ গাওঁ আৰু তাত বাস কৰা ৫০০০ মানুহৰ উপকাৰ হ'ব। ড০ শীলা বৰাৰ তত্বাৱধানত 'ব্যাখ্যা কঞ্চাল্টিং এল এল পি' নামৰ মুম্বাইৰ এক সমাজ কল্যাণ বিষয়ক গৱেষণা আৰু আঁচনি ৰূপায়ণকাৰী প্ৰতিস্থানৰ দ্বাৰা এই প্রকল্প নিৰ্মাণ কৰা হৈছে।

অনুষ্ঠানত ভাষণ দি ড০ শীলা বৰাই এই দৰে কয়, যে, অসমৰ জৈৱ বৈচিত্ৰময় আৰু বন্যপ্ৰাণী বাস কৰা অঞ্চলসমূহত প্ৰভাকৰ বৰুৱা স্মৃতি ন্যাসৰ উদ্যাগত তেওঁলোকে কাম কৰি আছে। তৃণমূল পৰ্যায়ৰ গাঁঠনিৰ জৰিয়তে সময়োপযোগী আৱশ্যকীয় সাহায্য সেৱা আগবঢ়োৱা আৰু সংৰক্ষণমূলক কাৰ্যৰ ক্ষেত্ৰত তেওঁলোকে ইতিমধ্যে যথেষ্ট সফলতা লাভ কৰিছে।

লগতে তেওঁ কয় যে, তেওঁলোকৰ সহযোগী অনুষ্ঠান গের্দা হেংকেল ষ্টিফটুঙৰ সমাজকল্যাণমূখী উন্নয়ণমূলক প্রকল্প প্রণয়ণ আৰু বিত্তিয় সাহায্য প্ৰদানৰ বিশ্বব্যাপী অভিজ্ঞতা আছে আৰু এই প্ৰকল্পৰ ক্ষেত্ৰত তেওঁলোকে প্ৰদৰ্শন কৰা ব্যৱসায়িক বিচক্ষণতা আৰু প্ৰতিবদ্ধতাই অনুষ্ঠানটোক নানা ৰূপে সহায় কৰিছে।

বনবিভাগে তেওঁলোকৰ অঞ্চলত এই প্রকল্প নিৰ্মাণৰ বাবে অনুমতি দিয়াৰ বাবে আৰু নিৰ্মাণ কালত ধৈর্যসহকাৰে সহায় কৰা বাবে ড০ শীলা বৰাই বিশেষকৈ চৰকাৰৰ বনবিভাগৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

Also Read: আৰম্ভ হ'ল প্ৰহৰ গণনা : আহমেদাবাদত ১ লাখ ৩০ হাজাৰ দৰ্শকৰ শব্দব্ৰহ্ম- ইণ্ডিয়া,ইণ্ডিয়া...

pobitora wildlife sanctuar