/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/7c857152-e3bb-4e82-8d42-c320494ce1b3/pabitara.jpg)
Pobitora Wildlife Sanctuary
ডিজিটেল সংবাদ,পবিতৰাঃ ২০ অক্টোবৰৰ দিনটোতে পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাবে মুকলি কৰা হ'ব পবিতৰা অভয়াৰণ্য। দেশী বিদেশী পৰ্যটকৰ বাবে দিনৰ ১১ বজাত পবিতৰাৰ দ্বাৰ মুকলি কৰিব বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
ন কইনাৰ দৰে সজাই পৰাই তোলা হৈছে পবিতৰাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ চৌহদ।মায়ঙৰ প্ৰতি খন গাঁৱৰ জীয়ৰী বোৱাৰী সাজু হৈছে পৰ্যটকক আদৰিবলৈ।
৫০ গৰাকী মহিলাই কাইলৈ মুকলি সভাত পৰিৱেশন কৰিব পবিতৰা শীৰ্ষক সমবেত সংগীত। তাকে লৈ আজি ব্যাপক আয়োজন চলিছে।মায়ং আঞ্চলিক মহাবিদ্যালয়ত সমবেত সংগীত ৰ ৰিহাৰ্চেল চলিছে।
গীতটোৰ ৰচক ড০ উৎপল নাথ আৰু সাংস্কৃতিক কৰ্মী বিপুল ডেকাৰ পৰিকল্পনা আৰু পৰিচালনাৰে কাইলৈ সমবেত সংগীতটো পৰিবেশন কৰিব মহিলা সকলে পবিতৰাৰ বাকৰিত।
Also Read: বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন ২০২৩ত ৮.৩৫ লাখ কোটি টকাৰ অধিক মূল্যৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰি