ৰক্ষকেই ভক্ষক ! পবিতৰাত বন-বিষয়াই গছ কটাক লৈ সৰব বীৰ লাচিত সেনা...

মৰিগাঁৱৰ পবিতৰা অভয়াৰাণ্যত সংঘটিত বন ধ্বংস কাণ্ডৰ উতিত তদন্তৰ দাবী কৰিছে বীৰ লাচিত সেনাই

author-image
Asomiya Pratidin
New Update
ৰক্ষকেই ভক্ষক ! পবিতৰাত বন-বিষয়াই গছ কটাক লৈ সৰব বীৰ লাচিত সেনা...

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁৱৰ পবিতৰা অভয়াৰাণ্যত সংঘটিত বন ধ্বংস কাণ্ডৰ উচিত তদন্তৰ দাবী কৰিছে বীৰ লাচিত সেনাই। এই সংক্ৰান্তত মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে বীৰ লাচিত সেনা, অসম মৰিগাঁও জিলা সমিতিয়ে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Advertisment

উল্লেখ্য শেহতীয়া বান পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা অভৰাণ্যখনত বন্ধৰ সুযোগ লৈ খোদ বনবিষয়াই বহু মূল্যবান গছ কাটি ঘৰত ব্যৱহাৰ কৰা বাতৰি প্ৰকাশ পাইছিল সংবাদ মাধ্যমত। অভৰাণ্যখনৰ ৰেঞ্জাৰৰ দায়িত্বত থকা বিষয়াদ্বয় ক্ৰমে নয়নজ্যোতি দাস আৰু মিতুল দাসৰ নেতৃত্বত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। তদুপৰি পবিতৰা অভৰাণ্যৰ হাতীৰ খাদ্য তথা দানা যোগানৰ বাবে আবণ্টন হোৱা পুঁজিৰ ক্ষেত্ৰতো দুৰ্নীতি হোৱাৰ অভিযোগো উত্থাপন হৈছে।

ৰক্ষকেই ভক্ষক হোৱা এই খবৰ সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পাছতেই সৰব হৈ পৰিছে বীৰ লাচিত সেনা। এই ক্ষেত্ৰত অভিযুক্তৰ বিৰুদ্ধে ক্ষীপ্ৰ তথা উচিত তদন্ত কৰাৰ দাবী সংগঠনটোৰ। চৰকাৰে দোষীক যাতে শাস্তি প্ৰদান কৰে সেই কথাও স্মাৰক পত্ৰত উল্লেখ কৰে বীৰ লাচিত সেনাই।

Also Read: নিজ বাসগৃহতে মণিপুৰত মহিলাক গুলীয়াই হত্যা, মুখমণ্ডল বিকৃত কৰিলে দুৰ্বৃত্তই

forest department of assam Chandra Mohan Patowary