/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/03e04d82-a085-40e2-8e18-7d84778a046c/Deer.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ, মায়ংঃ পবিতৰাৰ নিকটৱৰ্তী ঠেংভঙাত উদ্ধাৰ কৰা হৈছে এটা হৰিণ। গাঁৱখনৰ মুকুত শৰ্মা নামৰ লোকজনৰ ঘৰৰ চোতালত বিচৰণ কৰি থকা অৱস্থাত উদ্ধাৰ হয় হৰিণাটো। হৰিণটো উদ্ধাৰ কৰাৰ পাছতেই পবিতৰাৰ বনবিভাগৰ সতে যোগাযোগ কৰে মুকুত শৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9d47ffd3-08f2-4cac-b758-af38e9c190b1/7023eefc_7828_4783_87e3_b094d19e609f.jpg)
বাৰিষাৰ বাঢ়নী পানীৰ বাবে পবিতৰা অভয়াৰণ্যৰ পৰা হৰিণটো মুকলি ঠাইলৈ ওলাই অহা বুলি মত প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য উদ্ধাৰ কৰা উক্ত হৰিণটো বৰ্তমান লৈ নিৰাপদ অৱস্থাত।
Also Read: প্ৰহসনত পৰিণত মালাবাৰী পূৱ কামৰূপ উঃ মাঃ বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ...