/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a2755c6d-848e-4f84-8202-5cefbc7a40e8/PIJUSH_13.jpg)
মৰিগাঁৱৰ ঘগুৱা গাঁও পঞ্চায়তত "বিকশিত ভাৰত সংকল্প যাত্ৰা" কাৰ্যসূচীত পীযুষ হাজৰীকাৰ অংশগ্ৰহণ...
ডিজিটেল সংবাদ মৰিগাঁওঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ ঘগুৱা গাঁও পঞ্চায়তৰ "বিকশিত ভাৰত সংকল্প যাত্ৰা” কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বিভিন্ন বিভাগে মুকলি কৰা বিপনীসমূহ পৰিদৰ্শন কৰি বিভাগীয় মুৰব্বী বিষয়াসকলক কোনো চৰকাৰী আঁচনিৰ পৰা যাতে যোগ্য হিতাধিকাৰী বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e6bfa3e7-43ed-49b8-b630-61caf3bb223e/c10404a3_5fb4_4107_8783_f3d35b48f52d.jpg)
এই উপলক্ষে ঘগুৱা ৰাস মন্দিৰ প্ৰাংগনত অনুষ্ঠিত এখন সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে প্ৰতিগৰাকী যোগ্য ব্যক্তিক চৰকাৰী সা-সুবিধাসমূহ প্ৰদান কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে।যিসকল ব্যক্তিয়ে সজাগতাৰ অভাৱত চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই তেওঁলোকক ঠাইতে আঁচনিসমূহৰ দ্বাৰা সামৰি লোৱাৰ বাবেই এই বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/62cd2de3-0ab7-468e-9751-62045425f38c/0b3100cb_515c_4df0_944f_ade66c3adf30.jpg)
এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰখন গাঁৱলৈ আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ লোকসকলে এই কাৰ্যসূচীৰ দ্বাৰা গাঁৱৰ ৰাইজৰ সৈতে কথা পতাৰ তথা তেওঁলোকৰ অৱস্থাৰ বুজ লোৱাৰ এটা সুযোগ লাভ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, ই-শ্ৰম, পি এম কিষাণ, জল জীৱন অভিযান আদি বিভিন্ন আঁচনিৰ ওপৰত আলোকপাত কৰি বিশেষভাৱে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত যোগ্যসকলক চিকিৎসাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
তেওঁ কয় যে, আয়ুষ্মান ভাৰত কাৰ্ডৰ হিতাধিকাৰীয়ে বছৰি ৫ লাখ টকালৈকে চিকিৎসা ব্যয়ৰ সুবিধা লাভ কৰিব। তেওঁ প্ৰসংগক্ৰমে কয় যে, বছৰি ৪ লাখ টকাতকৈ কম উপাৰ্জন কৰা লোকসকলৰ বাবেও ৰাজ্য চৰকাৰে ৫ লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি মুকলি কৰিব। তেওঁ চৰকাৰী আঁচনিসমূহৰ সা-সুবিধাসমূহ গ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/354f0960-d94a-46fd-ab0a-8c227df2c07f/b1501bf7_10b5_4562_b94b_33e6dfdcc51f.jpg)
কোনো আঁচনি সন্দৰ্ভত ভালকৈ অৱগত নহ'লে সংশ্লিষ্ট বিভাগীয় বিষয়া-কৰ্মচাৰীৰ পৰা অৱগত হ'বলৈও তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায়। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়াই আদৰণি ভাষণ দি কয় যে, চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই "বিকশিত ভাৰত সংকল্প যাত্ৰা" কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
তেওঁ কয় যে, যদি কোনো ব্যক্তিয়ে যোগ্য হৈও চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই তেনেহ'লে এই কাৰ্যসূচীৰ সময়ছোৱাত বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। সভাত বিভিন্ন আঁচনিৰ কেইবাগৰাকীও হিতাধিকাৰীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে আৰু কেইবাগৰাকীও হিতাধিকাৰীক বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত অনুমোদন পত্ৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/c6b6a01f-2fa0-497b-9077-9907e8c8bcb7/8cb39eb2_b2d9_4371_aace_9c9e1a475ceb.jpg)
সভাৰ অংশৰূপে কৃষি বিভাগৰ উদ্যোগত ড্ৰোণ প্ৰযুক্তিৰ সহায়ত নেন' ইউৰিয়া প্ৰদৰ্শন কৰা হয়। লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। আজিৰ সভাত সকলোৱে বিকশিত ভাৰতৰ সংকল্প পাঠ কৰে।
অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত দেৱযানি চৌধুৰী, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত দ্যুতিভা বৰা, তিৱা স্বায়ত্ব পৰিষদৰ সদস্য বিনিতা দৈমাৰী, মিহিৰাম বৰদলৈ, আৰু ৰুণামনি দাস বড়ো, সমাজ কৰ্মী প্ৰবীণ মেধি আৰু মল্লিকা শৰ্মা বৰদলৈ, জিলা প্ৰশাসনৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, মায়ঙৰ উন্নয়ন খণ্ড বিষয়া, ঘগুৱা পঞ্চায়তৰ প্ৰতিনিধি আৰু বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা হিতাধিকাৰীসকল উপস্থিত আছিল।
Also Read: চাও ময়ূৰ বৰগোঁহাইৰ অধ্যক্ষতাত গঠিত টাই আহোম উন্নয়ন পৰিষদৰ শপত গ্ৰহণ...