চাও ময়ূৰ বৰগোঁহাইৰ অধ্যক্ষতাত গঠিত টাই আহোম উন্নয়ন পৰিষদৰ শপত গ্ৰহণ...

চাও ময়ূৰ বৰগোঁহাইৰ অধ্যক্ষতাত গঠিত টাই আহোম উন্নয়ন পৰিষদৰ শপত গ্ৰহণ...
চাও ময়ূৰ বৰগোঁহাইৰ অধ্যক্ষতাত গঠিত টাই আহোম উন্নয়ন পৰিষদৰ শপত গ্ৰহণ...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যখনৰ টাই আহোম জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন বিকাশ অধিক ক্ষিপ্ৰতৰ কৰাৰ স্বাৰ্থত পুনৰ গঠন কৰা হৈছে টাই আহোম উন্নয়ন পৰিষদখন। শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ বলিষ্ঠ টাই আহোম নেতা চাও ময়ূৰ বৰগোঁহাইক অধ্যক্ষ, ধেমাজি সমষ্টিৰ চাও ড০ মহেন্দ্ৰ বৰগোঁহাই আৰু নাহৰকটীয়া সমষ্টিৰ চাও নৰেন চাংমাইক উপাধ্যক্ষ হিচাবে নিযুক্তি দি এখন প্ৰগতিশীল উন্নয়ন পৰিষদ গঠন কৰা হৈছে ।

ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ নিৰ্দেশনা নং -ই ৩০৯২৮৫/৪০ অনুসৰি বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত গঠিত এই নবগঠিত উন্নয়ন পৰিষদখনৰ অধ্যক্ষ সমন্বিতে সমূহ সদস্যই বুধবাৰে শপত গ্ৰহণ কৰে। বুধবাৰে সচিবালয়ৰ মুখ্যমন্ত্ৰীৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে নবগঠিত সমিতিখনক শপত বাক্য পাঠ কৰোৱা হয়।

বিভাগৰ অধ্যক্ষ সচিব ভাস্কৰ পেগুৱে নবগঠিত পৰিষদখনৰ সমূহ বিষয়ববীয়া আৰু সদস্য, সদস্যাসকলক শপত বাক্য পাঠ কৰোৱাই। বৰ্ণময় আৰু ঐতিহাসিকভাৱে প্ৰভুত্ব বিশিষ্ট টাই আহোমসকলৰ সাৰ্বজনীন বিকাশৰ হকে নবগঠিত পৰিষদখনে অনাগত কাৰ্যকালত স্বজাতিৰ প্ৰতি আত্মোৎস্বৰ্গী সেৱা আগবঢ়াই যোৱাৰ অংগীকাৰ গ্ৰহণ কৰা অধ্যক্ষ সমন্বিতে সকলো সদস্য, সদস্যাৰ উপস্থিতিত পৰৱৰ্তী সময়ত প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে ।

উল্লেখ্য যে, নবগঠিত পৰিষদখনত ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰা জনপ্ৰিয় যুৱ নেতা চাও সঞ্জীৱ গগৈ আৰু টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক চাও অচ্যুত বুঢ়াগোহাঁই অন্তৰ্ভুক্ত হৈ বুধবাৰে শপত গ্ৰহণ কৰে। বিগত সুদীৰ্ঘ পৰিক্ৰমা টাই আহোম ছাত্ৰ সন্থাৰ লগতে জাতীয় সংগঠনৰ সাংগঠনিক বুনিয়াদ সৱলীকৰণত নিঃস্বাৰ্থ সেৱা আগবঢ়াই যোৱা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক তথা টাই সংস্কৃতি  গৱেষণা ও বিকাশ কেন্দ্ৰৰ ঢকুৱাখনাৰ প্ৰাক্তন সম্পাদক চাও সঞ্জীৱ গগৈ আৰু সুযোগ্য ছাত্ৰ নেতা চাও অচ্যুত বুঢ়াগোঁহাইৰ জনমুখী নেতৃত্বত বিধানসভা সমষ্টিটোৰ টাই আহোম জনগোষ্ঠীৰ উত্তৰণৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰি

ঢকুৱাখনা টাই সংস্কৃতি গৱেষণা ও বিকাশ কেন্দ্ৰ ,ঘিলামৰা টাই সংস্কৃতি ও বিকাশ কেন্দ্ৰ, ঘিলামৰা টাই আহোম ছাত্ৰ সন্থা আৰু বিভিন্ন সংগঠনে শুভেচ্ছা জনাইছে । নবগঠিত পৰিষদখনে নব নিযুক্তি প্ৰাপ্ত ইউ পি এছ চি আৰু এ পি এছ চি নিযুক্তি প্ৰাপ্ত ১৬ গৰাকী মেধাবী বিষয়াক উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে।

চাও ময়ূৰ বৰগোঁহাইৰ অধ্যক্ষতাত গঠিত টাই আহোম উন্নয়ন পৰিষদৰ শপত গ্ৰহণ...
দিতিমণি গগৈৰ অনুবাদ গ্ৰন্থ ‘ওৰণি গুচাই’ আৰু ‘শংখ নিনাদ’ উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in