হেলেমৰ গঙ্গা গোশালাত মৃত্যুৰ ক্ষণ গণিছে সহস্ৰাধিক গৰুৱে..

হেলেমৰ গঙ্গা গোশালাত সহস্ৰাধিক গৰুৱে খাদ্যৰ অভাৱত কিম্বা চিকিৎসাৰ অভাৱত মৃত্যুৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ ভাৱে কঢ়িয়াই অনা গৰু জব্দ কৰাৰ পাছত গোধন সমূহ গঙ্গা গৌশালাত ৰখাৰ ব্যৱস্থা কৰিছে ধ্যান ফাউণ্ডেশ্যন নামৰ বে চৰকাৰী সংস্থাটোৱে
হেলেমৰ গঙ্গা গোশালাত মৃত্যুৰ ক্ষণ গণিছে সহস্ৰাধিক গৰুৱে..

ডিজিটেল সংবাদ, হেলেমঃ হেলেমৰ গঙ্গা গোশালাত সহস্ৰাধিক গৰুৱে খাদ্যৰ অভাৱত কিম্বা চিকিৎসাৰ অভাৱত মৃত্যুৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ ভাৱে কঢ়িয়াই অনা গৰু জব্দ কৰাৰ পাছত গোধন সমূহ গঙ্গা গৌশালাত ৰখাৰ ব্যৱস্থা কৰিছে ধ্যান ফাউণ্ডেশ্যন নামৰ বে চৰকাৰী সংস্থাটোৱে ।

ধ্যান ফাউণ্ডেশ্যনে চোৱা চিতা কৰা গঙ্গা গোশালাত বৰ্তমান সহস্ৰাধিক গৰু ৰখা হৈছে যদিও এজন মেনেজাৰ আৰু দুজনমান গৰখীয়া ৰাখিয়েই দ্বয়িত্ব সামৰা পৰিলক্ষিত হৈছে । যাৰ ফলত গৰুবোৰ উপযুক্ত খাদ্য বা চিকিৎসাৰ অভাৱত এটা এটাকৈ গৰু মৃত্যু মুখত পৰিছে । এই দাবী কাৰিছে সচেতন নাগৰিক মঞ্চৰ ।

শুকুৰবাৰে কাৰিবিল সচেতন নাগৰিক মঞ্চৰ এটি সজাতি দলে গঙ্গা গোশালাত উপস্থিত হৈ গৰুবোৰৰ অৱস্থা দেখি হতবাক হৈ চৰকাৰক উক্ত গো ধন সমুহ অতি শীঘ্ৰেই নিৰাপদে ৰখাৰ ব্যৱস্থা কৰিবলৈ দাবী তুলিছে।

হেলেমৰ গঙ্গা গোশালাত মৃত্যুৰ ক্ষণ গণিছে সহস্ৰাধিক গৰুৱে..
নগাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীৰ সন্ত্ৰাস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in