/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/eb8c3238-6bc0-4ff7-a2b2-96dd2ee0de0f/AP_FOR_WEB_moon.jpg)
ডিজিটেল ডেস্কঃ ৩০ আগষ্টৰ দিনা আকাশত চন্দ্ৰক দেখা যাব অনন্য ৰূপত। অন্য দিনতকৈ উজ্বল আৰু ডাঙৰ হ'ব আজিৰ আকাশৰ চন্দ্ৰটো। আগষ্ট মাহত দুটা পূৰ্ণিমা হোৱাৰ বাবে আশাত নীলা চন্দ্ৰ (ব্লু মুন) দেখা যাব।
প্ৰথম পূৰ্ণিমা ১ আগষ্টত আছিল আৰু দ্বিতীয়টো পূৰ্ণিমা ৩০ আগষ্টত হ'ব। সমগ্ৰ বিশ্বই আজি এই চন্দ্ৰটো দেখা পাব। আজিৰ আকাশৰ চন্দ্ৰৰ আকাৰ ১৪ শতাংশ ডাঙৰ হ'ব। এই ঘটনাৰ প্ৰতি ২-৩ বছৰৰ মূৰে মূৰে পুনৰাবৃত্তি হয়।
মহাকাশত কিছুমান জ্যোতিৰ্বৈজ্ঞানিক ঘটনাৰ ফলত আকাশত নিউ মুন, ফুল মুন, চুপাৰ মুন আৰু নীলা চন্দ্ৰ দেখা যায়। ব্লু মুন হৈছে এনে এক জ্যোতিৰ্বৈজ্ঞানিক ঘটনা, যাক প্ৰতি ২ ৰ পৰা ৩ বছৰত দেখা যায়। যেতিয়া এমাহত দুটা পূৰ্ণিমা পৰে তেতিয়া ব্লু মুন দেখা যায়। এই চন্দ্ৰটোৰ আকাৰ ডাঙৰ হয় আৰু দেখিবলৈ অলপ বেলেগ হয়।
যদি বছৰৰ দুই বা অধিক মাহত ব্লু মুন দেখা যায় তেন্তে সেই বৰ্ষটোত চন্দ্ৰ বৰ্ষ বুলি কোৱা হয়। ২০১৮ চনটো চন্দ্ৰ বৰ্ষ আছিল। কিয়নো সেই বৰ্ষত জানুৱাৰী আৰু মাৰ্চ মাহত ব্লু মুন দেখা গৈছিল।
ব্লু মুনৰ অৰ্থ এইটো নহয় যে চন্দ্ৰ নীলা দেখা যাব। অৱশ্যে বায়ুমণ্ডলীয় ঘটনাৰ বাবে কেতিয়াবা চন্দ্ৰৰ ৰং নীলা দেখা যায়।
সূৰ্য অস্ত যোৱাৰ লগে লগে ব্লু মুন চোৱা উচিত। সেই সময়ত ই অতি ধুনীয়া দেখা যায়। এইবাৰ ব্লু মুনৰ সময়ত ভাৰতত দিন হৈ থাকিব যাৰ বাবে ভাৰতৰ মানুহে কেৱল ফোনতহে এই চন্দ্ৰ চাব পাৰিব। আমেৰিকাৰ যুক্তৰাষ্ট্ৰত এই চন্দ্ৰ দৃশ্যমান হ'ব।
৩০ আগষ্টৰ নিশা ৮.৩৭ বজাত (EDT) চন্দ্ৰ আটাইতকৈ উজ্জ্বল হ'ব। ইয়াৰ পাছত ব্লু মুন ২০২৬ চনত দেখা যাব।
উল্লেখ্য যে, এই সময়ত চন্দ্ৰযান-৩ চন্দ্ৰত পৰিভ্ৰমণ কৰি আছে। যাৰ বাবে এইবাৰ ব্লু মুন ভাৰতবাসীৰ বাবে বেছিয়েই মহত্বপূৰ্ণ।
Also Read: ন-পুৰণি বিজেপি নেতাৰ যুঁজঃ জ্যেষ্ঠ পুৰণি নেতাৰ সৈতে দিল্লীৰ নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক