/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/95ec0315-665c-4d89-b3cb-0791ab9e3fee/okasf.jpg)
ডিজিটেল সংবাদ,মায়ং ঃশীত আগমনৰ লগে লগে অসমৰ বিভিন্ন নৈ, বিল,খাল জলাশয় বোৰত জাক জাক আলহী পক্ষী ৰ আগমন হয়।পৰিভ্ৰমী পক্ষীৰ কল কাকলিৰে মুখৰিত হৈ থাকে মৰিগাঁও জিলাৰো বিভিন্ন অঞ্চল।সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা দূৰ দিগন্ত ভ্ৰমী জিলা খনৰ মায়ং পবিতৰা অঞ্চলটো হাজাৰ হাজাৰ আলহী পক্ষীৰ মুক্ত বিচৰণ দেখা পোৱা যায়।
মায়ঙৰ তেনে দুটামান গুৰুত্বপূৰ্ণ অঞ্চল হ'ল ব্ৰহ্মপুত্ৰ,পকৰিয়া, মুৰকটা,হাতীভাঙি আৰু ,পবিতৰাৰ তামুলীডোভা, হাডুক আদি জলাশয় কেইটা। প্ৰতি বছৰে এই ঠাই বোৰত নিৰাপদ বুলি ভাবি ঠাহ খাই পৰে। পিছে এচাম অসাধু চোৰাং চিকাৰীৰ লোলুপ দৃষ্টি পৰে ৰং বিৰঙৰ আলহী পক্ষী বোৰৰ ওপৰত। ডাউক, কণা মুচৰি, দৈ কলা,আজান,শামুক খোলা,চাকৈ চকোৱা,ধৃতৰাজ,নেজাল হাহ,বৰমুখী হাহ,বৰখৰালী, খন্টি হাহ ধৰি বিভিন্ন প্ৰজাতিৰ জলচৰ পৰিভ্ৰমী পক্ষী বোৰ অসাধু চক্ৰই জাল পাতি,বৰশী দি বা বিভিন্ন কায়দাৰে বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ নিধন কৰি এখন ৰমৰমীয়া ব্যৱসায় চলাই থাকে।
বৃহস্পতিবাৰে মায়ঙৰ হাতীভাঙিত এখন পথাৰৰ মাজত থকা এটা জলাশয়ত জাল পাতি থাকোতেই পবিতৰা বন বিভাগৰ হাতত গ্ৰেপ্তাৰ হয় এটা দুৰ্বৃত্ত। ধৃত দুৰ্বৃত্তটোৰ নাম নুৰ ইছলাম ওৰফে দুলাল। বুধবাৰে নিশা পবিতৰা বন বিভাগৰ বিষয়াৰ নেতৃত্বত চলা এক অভিযানত হাতীভাঙিৰ পৰা গ্ৰেপ্তাৰ হয় দুৰ্বৃত্তটো।
আনহাতে অন্ধকাৰৰ সুযোগ লৈ আন এটা দুৰ্বৃত্ত পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। ইপিনে বন বিভাগে পৰিভ্ৰমী চৰাই নিধন কৰিবলৈ পতা চাৰিখন জাল উদ্ধাৰ কৰাৰ লগতে এটি জীৱিত পক্ষী আৰু এটি মৃত common snipe পক্ষী ও উদ্ধাৰ কৰে। ধৃত দুৰ্বৃত্তটোক সোধ-পোছ অব্যাহত ৰাখি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে। এনে ধৰনৰ আৰু বহু দুৰ্বৃত্ত আছে যিয়ে জলচৰ পক্ষী নিধন যজ্ঞ টোক উপাৰ্জন ৰ পথ হিচাপে বাচি লৈছে।
বন বিভাগৰ লোকসকলে এই ক্ষেত্ৰত চোকা নজৰ দিয়াৰ প্ৰয়োজন আছে।নহ'লে এইদৰে নিধন কৰি থাকিলে এদিন হয়টো মায়ং পবিতৰাৰ বুকুত মুক্ত বিচৰণ কৰিবলৈ অহা হাজাৰ হাজাৰ জলচৰ পক্ষীৰ আগমন হ্ৰাস পাব। জাক জাক জলচৰ পৰিভ্ৰমী পক্ষীৰ ফটো তুলিবলৈ গুৱাহাটীৰ পৰা প্ৰতি দিনে যথেষ্ট সংখ্যক ফটোগ্ৰাফাৰ আহে মায়ঙৰ বিভিন্ন ঠাইত লৈ।পৰ্যটকৰ বাবে তামুলীডোবাৰ জলাশয় টো অন্য এক আকৰ্ষণ ৰ কেন্দ্ৰ হৈ পৰে।চালে চকু ৰোৱা দৃশ্য। কি যে নয়নাভিৰাম দৃশ্য। প্ৰতিদিনে পুৱা গধুলি পবিতৰাৰ জলাশয় বোৰ জলচৰ পক্ষীৰ কল কাকলিৰে মুখৰিত হৈ থাকে।
Also Read: মহানগৰীৰ পাটৰকুছিত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ'ল বাসগৃহ