/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/bbdfa7d3-a610-4a5c-8cf4-a404dcf6d954/AP_FOR_WEB_.jpg)
ডিজিটেল ডেস্ক : এইবাৰ টিউচন ছাৰৰ কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ। মৰিগাঁও জিলাৰ সাপমাৰীত এগৰাকী ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগত ঘৰুৱা শিক্ষকগৰাকীক ৰাইজে লপা-থপা দিয়ে।
জানিব পৰামতে বাসু নাথ নামৰ ঘৰুৱা শিক্ষকগৰাকীয়ে এগৰাকী ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। টিউচন কৰি থকাৰ সময়তে ধৃত বাসু নাথে মদ্যপান কৰি ছাত্ৰীগৰাকীক অশ্লীল ইংগিত দিয়াৰ লগতে শ্লীলতাহানিৰো অভিযোগ উত্থাপন হৈছে।
ঘৰুৱা শিক্ষকগৰাকীৰ এনে জঘন্য কাণ্ডৰ বাবে গাঁওৰক্ষী বাহিনীয়ে লপা-থপা দি গতাই দিয়ে স্থানীয় আৰক্ষীক। শিক্ষকসমাজক কলংকিত কৰা এইগৰাকী ধৃতৰ কাণ্ডই লজ্জানত কৰিছে অঞ্চলবাসীক।
ইফালে উক্ত ঘটনা সন্দৰ্ভত অস্বীকাৰ কৰিছে অভিযুক্ত বাসু নাথে। বিহু উপলক্ষ্যে মদ খাইছোঁ, কিন্তু মোৰ চৰিত্ৰ বেয়া নহয়। মই কোনো ভুল কৰা নাই ইমানেই কথা। এইদৰে উল্লেখ কৰে বাসু নাথে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us