কৃষিকৰ্মৰে আদৰ্শ দেখুৱাইছে কাজিৰঙাৰ ৬জন যুৱকে

চৰকাৰী চাকৰিৰ আশা বাদ দি কৃষিকৰ্মৰে স্বাৱলম্বী হৈছে কাজিৰঙাৰ শিক্ষিত যুৱক
কৃষিকৰ্মৰে আদৰ্শ দেখুৱাইছে কাজিৰঙাৰ ৬জন যুৱকে

ডিজিটেল সংবাদ,কাজিৰঙা : চৰকাৰী চাকৰিৰ আশা বাদ দি কৃষিকৰ্মৰে স্বাৱলম্বী হৈছে কাজিৰঙাৰ শিক্ষিত যুৱক ৷ ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বন ৬ শিক্ষিত নিবনুৱা যুৱক ৷

উল্লেখ্য যে ৰাজ্যখনত দ্ৰুতগতিত বৃদ্ধি পোৱা নিবনুৱা সমস্যাত জৰ্জৰিত বহু লোকে কৰ্ম সংস্থাপন বিচৰাৰ সময়তে কাজিৰঙাৰ একাংশ যুৱকে কৃষিকৰ্মত আগুৱাই আহি দেখুৱাইছে আদৰ্শ ৷ কাজিৰঙাৰ গেলেকীৰ একাংশ শিক্ষিত নিবনুৱা স্বনিৰ্ভৰশীল হৈছে এখন ষ্ট’বেৰী ফাৰ্মৰ দ্বাৰা ৷

যিটো সময়ত চাকৰি বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাই হাহাকাৰ কৰিছে সেই সময়তে কাজিৰঙাৰ কেইজনমান শিক্ষিত নিবনুৱা যুৱকে আৰম্ভ কৰিছে ষ্টবেৰীৰ খেতি। প্ৰায় ডেৰ বিঘা মাটিত কৰা এই খেতিত প্ৰতিদিনে ১ কুইণ্টলতকৈ অধিক ষ্ট্ৰবেৰীৰ উৎপাদন হৈছে ৷

এক কিলো ষ্ট্ৰবেৰীৰ বৰ্তমান বজাৰ মূল্য ৬০০ টকা ৷ যোৰহাট,গুৱাহাটী,গোলাঘাট আদি চহৰত বিক্ৰী কৰাৰ লগতে কাজিৰঙালৈ অহা বিদেশী পৰ্যটকেও ক্ৰয় কৰিছে ষ্ট্ৰবেৰী ৷ চৰকাৰী সকলো আঁচনিৰ পৰা বঞ্চিত এইসকল শিক্ষিত নিবনুৱাই এতিয়া কৰিবলগীয়া হৈছে কৃষিকৰ্ম ৷

কৃষিকৰ্মৰে আদৰ্শ দেখুৱাইছে কাজিৰঙাৰ ৬জন যুৱকে
মাক আৰু মৰম : মাকৰ সৈতে এটি কণমানি গঁড় পোৱালিয়ে দৃষ্টি কাঢ়িছে পৰ্যটকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in