দুদিনীয়া ভ্ৰমণসূচীৰে UAE লৈ মোডী, উদ্বোধন কৰিব মন্দিৰ, স্বাক্ষৰ কৰিব চুক্তি

দুদিনীয়া ভ্ৰমণসূচীৰে UAE লৈ মোডী, উদ্বোধন কৰিব মন্দিৰ, স্বাক্ষৰ কৰিব চুক্তি

author-image
Asomiya Pratidin
New Update
দুদিনীয়া ভ্ৰমণসূচীৰে UAE লৈ মোডী, উদ্বোধন কৰিব মন্দিৰ, স্বাক্ষৰ কৰিব চুক্তি

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে ইউএইলৈ যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই সময়চোৱাত দুয়োখন দেশৰ মাজত বিভিন্ন দিশৰ ওপৰত আলোচনা হ'ব। ইয়াৰ ভিতৰত আছে শক্তি, বন্দৰ, ফিনটেক, ডিজিটেল আন্তঃগাঁথনি, ৰে'লৱে আৰু বিনিয়োগৰ প্ৰবাহ ইত্যাদি। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাই হৈছে প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণৰ উদ্দেশ্য ।

Advertisment

এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোডী আৰু ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বানী জায়েদ আল নাহিয়ানৰ মাজত কেইবাটাও চুক্তিৰ বিষয়ে আলোচনা হ'ব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণৰ এটা গুৰুত্বপূৰ্ণ দিশ হ'ল আবু ধাবিত মন্দিৰৰ উদ্বোধন। ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোডীয়ে বিএপিএছয়ে নিৰ্মাণ কৰি উলিওৱা মন্দিৰ উদ্বোধন কৰিব। এই মন্দিৰৰ বাবে ভূমি সংযুক্ত আৰৱ আমিৰাত চৰকাৰে প্ৰদান কৰিছিল।

এই সন্দৰ্ভত ইউএইৰ ৰাজদূত আবজুলনাছেৰ জামাল আলশালীয়ে কয় যে আমি ধৰ্ম, জাতি আদিৰ ক্ষেত্ৰত পাৰ্থক্য নকৰো। ই ভাৰত আৰু ইউ.এ.ই.ৰ মাজৰ সম্পৰ্কৰ কথা দৰ্শাই। এয়া কেৱল ব্যৱসায়ৰ আৰু চৰকাৰৰ মাজত সম্পৰ্ক নহয় এয়া মানুহৰ মাজত সম্পৰ্ক।

বিগত ৮ মাহত প্ৰধানমন্ত্ৰীৰ এয়া তৃতীয়টো ইউএঅ ভ্ৰমণ। ২০১৫ চনৰ পৰা বৰ্তমানলৈ প্ৰায় ৮ বাৰ ইউএই ভ্ৰমণলৈ গৈছে মোডী। ইউএইৰ পাছত বুধবাৰে মোডী কাটাৰলৈ ৰাওনা হ'ব।

Also Read: উত্তাল দিল্লীঃ প্ৰতিবাদকাৰী কৃষকলৈ কন্দুৱা গেছ, সীমান্তত কাইটীয়া বেৰ

uae narendra modi