মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ সদৰ শাখা গঠন

মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ সদৰ শাখা গঠন

author-image
Asomiya Pratidin
New Update
মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ সদৰ শাখা গঠন

ডিজিটেল সংবাদ, মায়ং : অসম আবৃত্তি পৰিষদৰ অন্তৰ্গত মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ মৰিগাঁও সদৰ শাখা গঠনৰ উদ্দেশ্যে দেওবাৰে সমলয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ সভাপতি ড° উৎপল নাথৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে সভাৰ আহ্বায়ক তথা মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ সাংগঠনিক সম্পাদক ভূপেন চন্দ্ৰ নাথে ।

Advertisment

সভাত মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ সম্পাদক নজৰুল ইছলাম আৰু মুখপাত্ৰ ৰাজীৱ চহৰীয়াই আবৃত্তি পৰিষদৰ লক্ষ্য- উদ্দেশ্য ব্যাখ্যা কৰে। মৰিগাঁও শাখা সাহিত্য সভাৰ সভাপতি নুৰ মহম্মদ, অসম কবি মঞ্চৰ সভাপতি প্ৰদীপ পৰাশৰ, মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ উপ-সভাপতি ভৱেন চন্দ্ৰ নাথ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি সভাখনত উপস্থিত থাকে।

সভাত লেখিকা স্মৃতিৰেখা গোহাঁইক সভানেত্ৰী, কবি ঋতুৰাজ মহন্তক উপ: সভাপতি, চিমৰাজ হুছেইনক সাধাৰণ সম্পাদক, শিল্পী শিখা শইকীয়া যুটীয়া সম্পাদক, পলি মজুমদাৰক কোষাধ্যক্ষ হিচাপে লৈ মৰিগাঁও সদৰ শাখা সমিতিখন গঠন কৰা হয়। আনহাতে সভাখনত কবি তথা সাংগঠনিক সম্পাদক জাৰ্জিনা বেগম,চৰাইবাহী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা ড০ নাজমা বেগম..অনাতাঁৰ শিল্পী. জ্যোতিষা মহন্ত,আবৃত্তিকাৰ স্বৰাজ নাথ,প্ৰবক্তা ললিতা দেৱী,নাট্য কাৰ অজয় ডেকা প্ৰমুখ্যে কেইবাগৰাকীও কবি,লেখক তথা আবৃত্তিকাৰে চমু বক্তব্য আগবঢ়োৱাৰ উপৰিও কবিতা আবৃত্তি কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Also Read: অসম হ’ব দেশৰ ভিতৰতে প্ৰথম আৰক্ষী ৰাজ্য : মুখ্যমন্ত্ৰীয়ে দিলে ইংগিত

Recitation