/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d0419cc2-1ab5-483c-8e91-4ab386b8a6ea/Moriiiiii.jpg)
ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰু এপাৰ্ট আঁচনিৰ অধীনত ভুৰবন্ধা কৃষি চক্ৰৰ অধীনৰ কতগুৰিত জিলা কৃষি বিভাগৰ দ্বাৰা প্ৰদৰ্শণী মূলকভাৱে প্ৰস্তুত কৰা শালি ধানৰ "দলিচা কঠীয়া তলি" (মেট নাৰ্চাৰী) আধুনিক কৃষি যন্ত্ৰ টানছপ্লেন্টাৰৰ সহায়ত ৰোপন কৰা হয়।মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰাঞ্জল বৰুৱা আৰু জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ উপস্থিতিত নমামী ফাৰ্মাচ কোম্পানীৰ প্ৰায় ২০ বিঘা মাটিত উন্নত ৰঞ্জিত চাব-১ প্ৰজাতিৰ ধানৰ কঠীয়া মঙ্গলবাৰে ৰোপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/49fb516b-e2c1-4d9b-baf8-971cade5abfb/5e94a643_a111_4317_8ace_ed5e91c1d143.jpg)
অনুষ্ঠানত মেট নাৰ্চাৰী কেনেকৈ প্ৰস্তুত কৰা হয়, কি কি সাৱধানতা অৱলম্বন কৰিব লাগে, মেট নাৰ্চাৰী পদ্ধতিৰে খেতি কৰি কৃষকসকল কেনেদৰে উপকৃত হ'ব পাৰে আদি বিষয়ত কৃষকসকলক কাৰিকৰী প্ৰশিক্ষণ আগবঢ়োৱা হয় । লগতে আধুনিক কৃষি যন্ত্ৰৰ দ্বাৰা ধান ৰোপন পদ্ধতি প্ৰদৰ্শনী কৰাৰ লগতে সজাগতা সৃষ্টি কৰা হয়। আজিৰ অনুষ্ঠানত সহকাৰী কৃষি সঞ্চালক তপন কুমাৰ ব্ৰহ্ম, কৃষি উন্নয়ন বিষয়া লোনা বৰুৱাৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী আৰু অঞ্চলটোৰ কৃষক ৰাইজ উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/be5bb824-0a3b-4c64-b096-6c4d359a3a5a/6f5256ec_b686_4aac_8b45_4140d54e3950.jpg)
Also Read: মহানগৰীত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ