/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/b6ohk3jf/20.jpg)
ডিজিটেল সংবাদ,মৰিগাঁওঃ মৰিগাঁৱত আৰক্ষীৰ নাক কাটিলে চোৰে।নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা মৰিগাঁও সদৰ থানাৰ গেটৰ সন্মুখত টিঘিলঘিলাই ফুৰিছে চোৰে।
মঙলবাৰে নিশা মৰিগাঁও সদৰ থানাৰ মূল গেটৰ ৩০ মিটাৰ আৰু সদৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ গেটৰ সন্মুখত থকা মইনা দাসৰ চাহ তামোলৰ দোকানৰ পৰা চোৰে লৈ গ'ল সকলো সামগ্ৰী।
প্ৰেচাৰ কুকাৰ লগতে দোকানৰ সকলো সামগ্ৰী মিলি প্ৰায় ১২ হাজাৰ টকাৰ সামগ্ৰী লৈ উধাও হয় চোৰ। স্বাধীনতা দিৱসৰ উপলক্ষে নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা চহৰ খনত আৰক্ষী থানাৰ সন্মুখতে এনেদৰে চুৰিকাণ্ড সংঘটিত হোৱাত নিৰাপত্তা দিশটো সন্দৰ্ভত এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে।