ধেমাজিৰ সৰবৰহী ব্যক্তি সৰ্বেশ্বৰ ওৱাৰীৰ বিয়োগ

ধেমাজিৰ সৰবৰহী ব্যক্তি সৰ্বেশ্বৰ ওৱাৰীৰ বিয়োগ

ডিজিটেল সংবাদ, চিলাপথাৰঃ বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ প্ৰাক্তন সভাপতি, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বিজেপিৰ প্ৰাক্তন নেতা সৰ্বেশ্বৰ ওৱাৰীৰ বিয়োগ। চিলাপথাৰ ভগৱান সোনাপুৰ গাঁৱৰ নিবাসী হিড়িম্বাপুৰ ব্ৰীজবাৰী বড়ো প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সৰ্বেশ্বৰ ওৱাৰীৰ মৃত্যুত বিভিন্ন-সংগঠনে শোক প্ৰকাশ কৰে।

ৰোগত আক্ৰান্ত হৈ মঙলবাৰৰ নিশা অসম চিকিৎসা মহাবিদ্যালয়ত পৰলোকগামী হয় ওৱাৰী। ১৯৪৭ চনত অবিভক্ত গোৱালপাৰা জিলাত জন্ম গ্ৰহণ কৰা সৰ্বেশ্বৰ ওৱাৰীয়ে ১৯৬৬ চনত ব্ৰহ্মপুৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰে। সুদীৰ্ঘ বছৰ নিষ্ঠাৰে শিক্ষকতা কৰাৰ অন্তত ১৯১১ চনত হিড়িম্বাপুৰ ব্ৰীজবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰে। শিক্ষকতাৰ লগতে সৰ্বেশ্বৰ ওৱাৰী জড়িত আছিল বহু ৰাজহুৱা কাম-কাজত।

১৯৯৫ চনৰ পৰা ২০০০ চনলৈ বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সভাপতিৰ পদ অলংকৃত কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলা সমিতিৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ। একেদৰে বিগত কেইবা বছৰে ডিমৌ মহাবিদ্যালয় পৰিচালনা সমিতিৰো প্ৰতিষ্ঠাপক সদস্য আছিল প্ৰয়াত ওৱাৰি। তেওঁৰ আকস্মিক মৃত্যুত শোক বিহ্বল মহাবিদ্যালয় পৰিয়ালে এক শোক সভা অনুষ্ঠিত কৰে। লোকজনৰ বিদেহ আত্মাৰ সদগতিৰ কামনা কৰি মৌন প্ৰাৰ্থানা জনায়।

মৃত্যুৰ সময়ত তেওঁ পত্নী, ৪গৰাকী পুত্ৰ, ৩জনী বিবাহিত জী, নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য বুধবাৰৰ বিয়লি গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত বড়ো সাহিত্য সভা, এবচু,জি এন‌ এচ এম, বড়ো কছাৰী কল্যাণ স্বায়ত্ব পৰিষদ, আবৌফ‌আদি বহু সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

ধেমাজিৰ সৰবৰহী ব্যক্তি সৰ্বেশ্বৰ ওৱাৰীৰ বিয়োগ
নগাঁও ছোৱালী কলেজত সাহিত্যক হিতেশ ডেকাৰ জন্ম শতবাৰ্ষিকীত বক্তৃতানুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in