
ডিজিটেল ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱত আজিৰে পৰা অনুষ্ঠিত হৈছে মৰিগাঁও পৌৰসভাৰ সোণালী জয়ন্তী মহোৎসৱ। সৰ্বমুঠ ১১টা ৱাৰ্ডৰে গঠিত হোৱা মৰিগাঁও পৌৰসভাই ইতিমধ্যে ৫০টা বৰ্ষ সম্পূৰ্ণ কৰিছে।
|এই উপলক্ষে ৮ আৰু ৯ এপ্ৰিল অৰ্থাৎ আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে সোণালী জয়ন্তী মহোৎসৱ। আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি মৰিগাঁও উপায়ুক্তৰ দ্বাৰা পুৱাৰ ভাগত স্বচ্ছতা অভিযান, সজাগতামূলক বাটৰ নাট, বৃক্ষ ৰোপণ আদি কাৰ্যসূচী গ্ৰহণ কৰে।
মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ দ্বাৰা পতকা উত্তোলণেৰে আৰম্ভ হোৱা আজিৰ প্ৰথমটো দিনৰ কাৰ্যসূচীত শ্বহীদ স্মৰণ, চিত্রাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা ইত্যাদি অন্তৰ্ভুক্ত আছে। ইয়াৰোপৰি আজি সন্ধিয়াৰ ভাগত মৰিগাওঁ সাঁচিপাতৰ দ্বাৰা মহাবীৰ লাচিতৰ নাট প্ৰদৰ্শন কৰা হ'ব ।