আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান..

বড়িবজাৰ আৰু মৰিগাঁও জিলাৰ মিকিভেটাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান। নিশা আটক ড্ৰাগছ মাফিয়া জেহেৰুল ইছলাম ওৰফে মাষ্টৰ আৰু হাইবুৰ ৰহমান

author-image
Asomiya Pratidin
New Update
আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান..

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মৰিগাঁও জিলাৰ মিকিভেটা আৰক্ষী আৰু বটদ্ৰৱাৰ বড়িবজাৰ আৰক্ষীয়ে শিলপুখুৰীত ড্ৰাগছ বিৰোধী যুটীয়া অভিযান চলায়। অভিযানত নিশা দুই কুখ্যাত ড্ৰাগছ মাফিয়া শিলপুখুৰীৰ জেহেৰুল ইছলাম ওৰফে মাষ্টৰ আৰু হাইবুৰ ৰহমান ড্ৰাইভাৰক হাতে-লুটে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

Advertisment

ধৃত যুৱক দুজনৰ পৰা এটা চাবোনৰ বাকছ ভৰ্তি ড্ৰাগছ আৰু দুটা চাধা টেমা ভৰ্তি ১০.৬২ গ্ৰাম ড্ৰাগছৰ লগতে দুটা ম'বাইল জব্দ কৰে আৰক্ষীয়ে। তদুপৰি এ এচ ০২ জেদ ৬৬১২ নম্বৰৰ মটৰ চাইকেল এখনো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, আৰক্ষীয়ে অধিক তথ্যৰ অপৰাধী কেইজনৰ বাবে জেৰা অব্যাহত ৰাখিছে।

Also Read: কেবিনেট সিদ্ধান্ত: ২২ মাৰ্চৰ দিনা কি নতুন সিদ্ধান্ত ল'লে চৰকাৰে...