/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/nrc-ffffff.jpg)
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ নামত শ শ কোটি টকা লুট কৰা বুলি "কেগ"ৰ প্ৰতিবেদনত ক'লা অধ্যায় উন্মোচিত হোৱাৰ সময়ত মৰিগাওঁ জিলাতো তেনে এক লুণ্ঠনৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি মৰিগাওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি বিষয়া কৰ্মচাৰীৰে মিলি লুণ্ঠন ৰাজ চলাই আহিছে।
তেনে এক ঠিকাদাৰী চক্ৰৰ অংশীদাৰক জিলাখনৰ তদানীন্তন উপায়ুক্ত প্ৰকাশৰঞ্জন ঘৰফলীয়াৰ কাৰ্যকালত তাৰিখ আৰু কোনো বিষয়াৰ স্বাক্ষৰ নথকা বিল ভাউচাৰত সাতচল্লিশ (৪৭) লাখ টকা এটা প্ৰিন্টিং প্ৰেছক আদায় দিয়া ঘটনাই দুৰ্নীতিৰ কথাকে পোহৰলৈ আনিছে। অভিযোগ মতে পূৰ্বাঞ্চল অফচেট নামৰ প্ৰেছটোৰ স্বত্বাধিকাৰক এনে অনিয়মৰে বৃহৎ পৰিমাণৰ ধন আদায় দিয়াৰ কথা স্বেচ্ছাসেৱী সংগঠন " গণকণ্ঠ" ই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰি বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহতে পোহৰলৈ আনিছিল।
পিছে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ বুলি সদায়ে দোহাৰি অহা চৰকাৰ খনৰ দিনত পিছে মৰিগাওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংঘটিত এনে অনিয়মৰ অভিযোগটোকে গ্ৰহণ কৰিব নিবিচাৰে প্ৰশাসনে। গণকণ্ঠ" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মুখ্য উপদেষ্টা বদন শৰ্মা, সভাপতি কামেশ্বৰ বৰদলৈ আৰু সম্পাদক অনিল চন্দ্ৰ পাঠকে সেই সময়তে জিলা উপায়ুক্তৰ প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ যোগে অসমৰ মুখ্যমন্ত্ৰীলৈ এই বিষয়ত তদন্ত বিচাৰি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনো ফলাফল দেখা নোপোৱাত ৰহস্যৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/203086db-0c82-4c13-93de-c3ec4c6c9a03/c920d224_fc56_48df_ac01_179af3bcafbd.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5a099ba5-7be9-4571-9c15-77f6c6ed8b04/dfce8491_182f_41b7_b0bb_054c891c0328.jpg)
সংগঠনটোৱে সন্দেহ কৰা মতে সেই সময়ৰ জিলা উপায়ুক্ত গৰাকীয়ে নিজৰ বিৰুদ্ধে থকা অভিযোগ পত্ৰ খন মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ নকৰিলে।ফলত বিষয়টো সিমানতে গাপ মাৰিলে যদিও সম্প্ৰতি মৰিগাওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পুৰ্বৰ উপায়ুক্ত সকলৰ কাৰ্যকালত এই ঠিকাদাৰী চক্ৰটোৱে সংঘটিত কৰা বহু তথ্য পোহৰলৈ আহিছে।
উল্লেখ্য যে কাৰ্যালয়টোত দীৰ্ঘদিন ধৰি খোপনি পুতি থকা যোগানকাৰী আৰু ঠিকাদাৰ চক্ৰটোৱে বিষয়া কৰ্মচাৰীৰ সহযোগত কামতকৈ বহু বেছি পৰিমাণে বিল বনাই ধনৰ লুণ্ঠন কৰি আহিছে। অজিত কুমাৰ ৰায়ৰ মালিকানাধীন পূৰ্বাঞ্চল অফচেটৰ নামটো কৰা ছপা কামতকৈ বহু বেছি বিল আদায় দিয়াৰ স্বাৰ্থতে তাৰিখ আৰু কাৰো স্বাক্ষৰ নথকা বিল ভাউচাৰতে ৪৭ লাখকৈ টকা আদায় দিয়া হ'ল বুলি চৰ্চা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/195b79ad-7e64-4983-93b0-96895be38c08/b3bd66f0_fa30_4b82_8313_dfc1e16aa140.jpg)
সেই একে সময়তে মৰিগাওঁ নগৰৰ আন এটা প্ৰতিষ্ঠানক এন, আৰ,চি ৰ সামগ্ৰীৰ যোগানৰ নামত কোটি টকা আদায় দিয়া হ'ল, য'ত একেধৰণৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। পূৰ্বাঞ্চল অফচেটৰ বিল ভাউচাৰ সমুহ আৰ,টি, আই যোগে গনকণ্ঠ"ই লাভ কৰাৰ পিছতে এই প্ৰতিষ্ঠান টোৱে পূৰ্বৰ উপায়ুক্ত এগৰাকীৰ ওচৰলৈ কাৰ্যালয়ৰ পৰা কৰ্মচাৰীৰ সহযোগত পুৰণি ফাইল গুৱাহাটীলৈ আনি খুটিনাটি মাৰি লৈ যোৱাৰ বিষয়টো উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ মাজতে সৰৱ চৰ্চা হৈছে। উক্ত যোগানকাৰী প্ৰতিষ্ঠানৰ নামটো বহু ভুৱা বিল এই কোটি টকাৰ বিলত অন্তৰ্ভুক্ত হৈছে বুলি উঠা অভিযোগৰ তদন্তৰো দাবী কৰিছে একাধিক দল সংগঠনে।
একেদৰে জিলাখনৰ নিৰ্বাচনী কামকাজৰ নামটো উল্লেখিত দুই প্ৰতিষ্ঠানে ইতিমধ্যেই বহু বিল জমা দিয়া বুলি এক সূত্ৰই জানিবলৈ দি কয় যে অনাদায় হৈ থকা এই বিল সমূহো সন্দেহৰ আৱৰ্তত। আমোদ জনক কথাটো হ'ল বিষয়া কৰ্মচাৰীৰ সহযোগত ৪৭ লাখকৈ টকাৰ বিল তাৰিখ আৰু বিষয়াৰ স্বাক্ষৰ নথকাকৈয়ে হস্তগত কৰা পূৰ্বাঞ্চল অফচেটৰ স্বত্বাধিকাৰ অজিত কুমাৰ ৰায়ে তেওঁৰ এই অধ্যায়ৰ তথ্য বাহিৰ হোৱাৰ পিছত ৰাজনৈতিক সুৰক্ষা বিচাৰিবলৈ আৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/dcfc05d6-594c-4e94-9e66-626eb78b61be/4b90f04f_b046_4be2_b060_17bcb30f0a68.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8ee0613a-d8ea-451f-8a2c-85aece5c5ac3/e422aa21_f630_4204_9335_df1a302c75c2.jpg)
জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ওচৰ চাপিবলৈ ব্যৰ্থ হোৱা ৰায়ক অৱশেষত তিৱা স্বাায়ত্ব পৰিষদৰ সদস্য খগেন দাসে কিছু আশ্বস্ত কৰি সময় সুযোগ বুজি মন্ত্ৰী গৰাকীৰ সৈতে দুই একপি ফটো উঠি সামাজিক মাধ্যমত ঘনিষ্ঠতাৰ প্ৰমাণ দিব বিচাৰিছে যি কথাই জাগীৰোড সমষ্টিৰ বিজেপিৰ বহু নেতা কৰ্মীকেই বিতুষ্ট কৰিছে। অভিযোগ মতে মৰিগাওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নজৰত শাখাৰ একাংশ কৰ্মচাৰীয়ে এই ঠিকাদাৰ তথা যোগানকাৰী চক্ৰটোৰ সৈতে মিলি দীৰ্ঘদিন ধৰি চলোৱা দুৰ্নীতিৰ জৰিয়তে উপাৰ্জন কৰিছে আয়ৰ সামঞ্জস্যহীন সম্পত্তি।
দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰা বুলি সময়ে সময়ে দোহাৰি থকা অসমৰ মুখ্যমন্ত্ৰীয়ে মৰিগাওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংঘটিত এনে অনিয়মৰ অভিযোগৰ তদন্ত কৰিবনে বুলি সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে।
Also Read: উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়ধীশৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ