জি ২০ সন্মিলনৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাত জনভাগিদাৰী কাৰ্যসূচী

জি ২০ সন্মিলনৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাত জনভাগিদাৰী কাৰ্যসূচী

ডিজিটেল সংবাদ, মায়ংঃ সমগ্ৰ দেশৰ লগতে অসমতো জি ২০ সন্মিলনৰ লগত সংগতি ৰাখি জনভাগিদাৰী কাৰ্যসূচী পালন কৰা হয়।মৰিগাঁও জিলাৰ ১২০৬ খন প্ৰাথমিক বিদ্যালয়ৰ অন্তৰ্গত   প্ৰায় ৫৮, ২৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীত মুক্ত তথা আনন্দ মনেৰে  অংশগ্ৰহণ কৰি বিভিন্ন  বিদ্যালয়ত ইতিমধ্য অনুষ্ঠান সমূহ সফল কৰি তোলে।

জিলা খনৰ মায়ং, লাহৰিঘাট, মৈৰাবাৰী, ভুৰবন্ধা, কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহত অনুষ্ঠিত হৈছে এই কাৰ্যসূচী। অহা ১২ জুনত লাহৰিঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত  লাহৰিঘাট মণ্ডল সমল কেন্দ্ৰৰ  অধীনৰ প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলকৰ দ্বাৰা জনভাগিদাৰীৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইয়াৰ উপৰিও মৰিগাঁও জিলা শিক্ষা বিভাগৰ  উদ্যোগত অহা ১৩ জুনত জনভাগিদাৰীৰ কাৰ্যক্ৰমণিকাৰ এখনি কৰ্মশালা অনুষ্ঠিত কৰি বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ দিশত আগবঢ়াৰ এক আশাশুধীয়া প্ৰচেষ্টা হাতত লোৱা হৈছে। জি-২০ দেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া শিক্ষা সন্মিলনৰ মূল লক্ষ্য হৈছে বিদ্যালয়ৰ প্ৰাথমিক স্তৰত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিক জ্ঞানৰ বিকাশ ।

এই লক্ষ্যৰ লগত সংগতি ৰাখি অসমৰ বাকী জিলাসমূহৰ লগতে মৰিগাঁও জিলাই  জনভাগিদাৰী কাৰ্যসূচীৰ অধীনত কবিতা আবৃত্তি আৰু শোভাযাত্ৰা, সাধু কথন, সৰৱ পঠন , কুইজ, গণিতৰ খেলকে আদি কৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে। মৰিগাঁও জিলাৰ মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত পবিতৰা মণ্ডল সমল কেন্দ্ৰৰ অধীনস্থ প্ৰতিখন বিদ্যালয়ে উপৰোক্ত কাৰ্যসূচী সফলভাবে ৰূপায়ন কৰা বুলি পবিতৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নৱজ্যোতি নাথে জনাইছে।

প্ৰতিটো কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগত অভিভাৱক, স্থানীয় ৰাইজ উপস্থিত থাকে। এই ফলপ্ৰসূ কাৰ্যসূচীৰ জৰিয়তে অভিভাৱকৰ লগতে স্থানীয় ৰাইজ যথেষ্ট উৎসাহিত হৈছে।মায়ঙৰ ঘুনুচা, মকৰিয়া, গা খুজুৱা প্ৰাথমিক বিদ্যালয়তো উলহ মালহেৰে অনুষ্ঠিত কৰা হয় বুলি জানিবলৈ দিয়ে মৰিগাঁও জিলাৰ সৰ্ব শিক্ষা অভিযানৰ প্ৰকল্প বিষয়া লক্ষীনন্দন শইকীয়াই।

জি ২০ সন্মিলনৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাত জনভাগিদাৰী কাৰ্যসূচী
পুৱাই ৪.৭ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in