/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b4fe5111-e69f-4ad3-a9bd-758b4646f9a4/kangkana.jpg)
ডিজিটেল সংবাদ, মায়ংঃ নতুন প্ৰজন্মৰ এগৰাকী যুৱ লেখিকা তথা গৱেষিকা ছাত্ৰী কংকনা মেধিলৈ মৰিগাঁও জিলা সাহিত্য সভাৰ ২০২০-২৩ বৰ্ষৰ উদগনিমূলক প্ৰেৰণা বঁটা প্ৰদান কৰা হয় । সোমবাৰে কংকনাক বিভিন্ন জনে শুভেচ্ছা আৰু অভিনন্দন জনাইছে ।
পশ্চিম মৰিগাঁও শাখা সাহিত্য সভাৰ উদ্যোগত আৰু ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মৰিগাঁও জিলা সাহিত্য সভাৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত যুৱ লেখিকা কংকনা মেধিক গামোচা জাপি, মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।
নীলকান্ত হাজৰিকা সোৱৰণী উদগনিমূলক প্ৰেৰণা বঁটা গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে যুৱ লেখিকাগৰাকী ।
দেওবাৰে হৈ যোৱা অনুষ্ঠানত মৰিগাঁও জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি মহেন্দ্ৰ শইকীয়া, নৱনিৰ্বাচিত সম্পাদক ড° অচ্যুত কুমাৰ দাস, মৰিগাঁও জিলা সাহিত্য সভাৰ বিদায়ী সভাপতি প্ৰতাপ হাজৰিকা, বিদায়ী সম্পাদক পিনাকী ভূষণ মহন্ত, আদৰণি সমিতিৰ সম্পাদক মানস প্ৰতীম পাটৰ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে জিলা সাহিত্য সভাৰ বিষয়ববীয়া আৰু সাহিত্যানুৰাগীসকল উপস্থিত থাকে ।
উল্লেখযোগ্য যে, কংকনা মেধিৰ শব্দহীন নূপুৰ, মাজনিশাৰ ৰ'দ, আকাশৰ শেষ ক'ত, অন্ধকাৰত আত্মদৰ্শনকে ধৰি কেইবাখনো কবিতা, প্ৰবন্ধ সংকলন আৰু উপন্যাস ইতিমধ্য প্ৰকাশ পাইছে ।
মৰিগাঁও জিলাৰ মনহা বৰমপুৰত ঘৰ লেখিকাগৰাকীৰ । কংকনাৰ বঁটা পোৱাৰ খৱৰত উৎফুল্লিত হৈ মনহা আঞ্চলিক শাখা সাহিত্য সভাৰ বিষয়ববীয়া সকলে জনাইছে অভিনন্দন ।
Also Read: ব্ৰহ্মপুত্ৰ বৰ্ডৰ দ্বাদশ পৰ্যালোচনা বৈঠক...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us