/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8879c4cc-ea5e-4f3d-a430-e88072e50417/brahmaputra.jpg)
পৰ্যালোচনা বৈঠক
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত আৰু ৰাজ্যিক জল সম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । সোমবাৰে অনুষ্ঠিত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ দ্বাদশ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা বৈঠকত অংশ লয় নেতাকেইগৰাকীয়ে ।
আজিৰ বৈঠকত পৰিষদৰ কাৰ্যকলাপ আৰু পৰিকল্পনাৰ বিভিন্ন দিশ, যেনে এনইএইচএআৰআইৰ কাৰ্যকলাপ আৰু ইয়াৰ প্ৰগতিৰ, ব্ৰহ্মপুত্ৰ আমানট্ৰানৰ নথিপত্ৰৰ উদ্বোধন, নতুন পদক্ষেপ আদিৰ বিষয়ে এই বৈঠকত বিস্তৃতভাৱে আলোচনা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/181c5e07-34bd-44ee-bd81-f6723e32c949/89236db8_795c_4baa_bc08_989e4da6c96c.jpg)
গজেন্দ্ৰ সিং শ্বেখাৱতৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ সঞ্চালক আৰু অন্যান্য শীৰ্ষ বিষয়া, কেন্দ্ৰীয় জল আয়োগৰ জ্যেষ্ঠ বিষয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিষয়াসকলে অংশগ্ৰহণ কৰে ।
বৈঠকত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰী, অৰুণাচল প্ৰদেশৰ জলসম্পদ মন্ত্ৰী মামা নাটুং, মণিপুৰৰ মাননীয় জলসম্পদ মন্ত্ৰী আৱাংবো নিউমাই, মেঘালয়ৰ জলসম্পদ মন্ত্ৰী কামিং ৱান য়ম্বন, ত্ৰিপুৰাৰ বিত্ত মন্ত্ৰী চি লালৰিনচাংগা, নাগালেণ্ডৰ ডব্লিউআৰডিৰ উপদেষ্টা শ্ৰী প্ৰাণজিৎ সিংঘাৰয়, ভাৰত চৰকাৰৰ জল শক্তি বিভাগৰ সচিব শ্ৰী টংপাং ওজুকুন আদিয়ে এই পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/cf0474d1-c1f1-40ff-a532-94e8b447810f/8b4e7c0f_4c7a_4b9e_9a86_5fc423b68322.jpg)
Also Read: ভাষা আৰু জাতিলৈ হেমকোষে অনা সুখ...