মৰিগাঁও জিলা কবি সন্মিলনৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন

মৰিগাঁও জিলা কবি সন্মিলনৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ, মায়ং: সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত মায়ং শাখা কবি সন্মিলনৰ আতিথ্যত মৰিগাঁও জিলা কবি সন্মিলনৰ অষ্টম প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে শুকুৰবাৰে মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অনিৰুদ্ধ ডেকাই পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক ভৱেন চন্দ্ৰ নাথে স্মৃতি তৰ্পণ কৰে।

আনহাতে সাংবাদিক- কাব্য সংগঠক ৰাতুল ডেকা সোঁৱৰণী যুৱ কবি সন্মিলন সঞ্চালনা কৰে বিশিষ্ট কাব্য সমালোচক তথা লোক গৱেষক লোকেন্দ্ৰ হাজৰিকাই। কবি সন্মিলন উদ্বোধন কৰি মায়ং ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে বাস্তৱৰ আধাৰত কবিতা লিখিবলৈ আহ্বান জনায় আৰু স্বৰচিত কেইবাটাও কবিতা পাঠ কৰে। অনুষ্ঠানত কবি নৱ ৰাজন, প্ৰফুল্ল কুমাৰ দাস, অসীম কুমাৰ নাথ, চিনু দেৱী, অংকিতা দেৱী, যশোৱন্ত নাথ প্ৰমুখ্যে কেইবাগৰাকীও ন-পুৰণি কবিয়ে কবিতা পাঠ কৰে। সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মাধৱ চন্দ্ৰ ডেকাই কবিতাৰ পৰ্যালোচনা কৰে ।

উল্লেখযোগ্য যে, অনিৰুদ্ধ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ফণীভূষণ নাথে। সভাখন উদ্বোধন কৰি তেওঁ কয় কাব্য সাহিত্যক বাদ দি সাহিত্যৰ কথা ক'ব নোৱাৰি। সভাত মৰিগাঁও জিলা কবি সন্মিলনে প্ৰকাশ কৰা কবি, সাহিত্যিক ড° উৎপল নাথৰ নৱতম কাব্যপুথি " সৰ্বাগুণাকৰ " উন্মোচন কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা কবি- লেখক অপূৰ্ব ঠাকুৰীয়াই। ব্যতিক্ৰমী কাব্যপুথিখন উন্মোচন কৰি তেওঁ কয় মহাপুৰুষ শংকৰদেৱৰ অবিহনে অসমৰ মানচিত্ৰ অংকন কৰিবলৈ নোৱাৰি। মহাপুৰুষজনাৰ জীৱনাদৰ্শক উপজীৱ্য হিচাপে লৈ ৰচিত কাব্য পুথিখনে পাঠকৰ মনত নতুন চিন্তাৰ বাট মুকলি কৰিব।

সভাত সদৌ অসম কবি সন্মিলনৰ উপ- সভানেত্ৰী ড° লখিমী গগৈ মুখ্য অতিথি ৰূপে উপস্থিত থাকে। সভাত মৰিগাঁও জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি অশোক ডেকা, কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ উপ- সভাপতি মৌচম বুঢ়াগোহাঁই, নাৰেংগী কবি সন্মিলনৰ সম্পাদিকা নাৰ্চিমা বেগম বড়া, মৰিগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি জগদীশ নাথ, মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি মিহিৰ হাজৰিকা, মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰাপদ শইকীয়া, মায়ং শাখা সাহিত্য সভাৰ সভাপতি ৰেণুপ্ৰভা লস্কৰ মেধি, সম্পাদক নকুল শইকীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত ড° উৎপল নাথ আৰু নজৰুল ইছলামে দ্বৈত কণ্ঠত " সৰ্বগুণাকৰ" কবিতাটি আবৃত্তি কৰাৰ লগতে শিল্পী প্ৰতাপ ডেকা, বিপুল ডেকা আৰু অনুপ কুমাৰ দাসে গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

উল্লেখযোগ্য যে, সভাত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা কবি মন্থিৰ শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। মায়ং শাখা কবি সন্মিলনৰ সভাপতি ড° উৎপল নাথে অনুষ্ঠানৰ আঁত ধৰে। সদৌ অসম কবি সন্মিলনৰ কাব্য মন্ত্ৰৰে অনুষ্ঠানৰ সামৰণি পৰে।

মৰিগাঁও জিলা কবি সন্মিলনৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন
AJYCP মৰিগাঁও জিলা সমিতিৰ ২০তম দ্বিবাৰ্ষিক অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচী ৰূপায়ণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in