/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-13/j9e32hfi/7.jpg)
ডিজিটেল সংবাদ,মৰিগাঁওঃ দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা মৰিগাঁৱত আৰম্ভ হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ বিংশতিতম দ্বি বাৰ্ষিক অধিৱেশনৰ বৰ্ণিল কাৰ্যসূচী। আজি উৎকট গৰমকো আওকাণ কৰি অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী সমন্বয়ৰ শুভাযাত্ৰাত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে।
শুভাযাত্ৰাৰ শুভ উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰিয়ে।লগতে বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি কণ্ঠ শিল্পী ৰিচা ভৰদ্বাজ আৰু অভিনেত্ৰী সুশীলা দত্তই সংগ দিয়ে শুভাযাত্ৰা কাৰী সকলক। শুভাযাত্ৰাৰ অন্তত আজি অনুষ্ঠিত হব মুকলি সভা। মুকলি সভাত অংশ গ্ৰহণ কৰিব কেন্দ্ৰীয় নেতৃত্বৰ বহুকেইজন নেতাই।
মুকলি সভাৰ আলোচনাত স্থান লাভ কৰিব বৰ্তমান ৰাজ্যৰ পৰিস্থিতি সন্দৰ্ভত ভৱিষ্যতৰ দিনত সংগঠনটোৰ কাৰ্যপন্থা আৰু বহু গুৰুত্বপূৰ্ণ বিষয়ে। নিশা বিপিন চাউদাঙ আৰু দীপলিনা ডেকাৰ সংগীতানুষ্ঠানেৰে সামৰণী পৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ বিংশতিতম দ্বি বাৰ্ষিক অধিৱেশনৰ বৰ্ণাঢ্য কাৰ্যসূচী।
Also Read: নৰ্থ লখিমপুৰ কলেজত সৃজনীশীল সাহিত্য বিষয়ক মনোজ্ঞ আলোচনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us