মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ দেশপ্ৰেমমূলক গীত উন্মোচন

মৰিগাঁও জিলাৰ জাগীৰোডত থকা ঐতিহ্যপূৰ্ণ সীতাজখলাৰ প্ৰাংগনত শনিবাৰে মৰিগাঁৱৰ জিলা আয়ুক্ত তথা বিশিষ্ট শিল্পী দেৱাশীষ শৰ্মাৰ "মদাৰ গছত উজ্বলি জ্বলিছে ফাগুনৰে ৰঙা জুই" শীৰ্ষক এটি দেশপ্ৰেমমূলক গীত উন্মোচন কৰা হয়।

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ দেশপ্ৰেমমূলক গীত উন্মোচন

ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ জাগীৰোডত থকা ঐতিহ্যপূৰ্ণ সীতাজখলাৰ প্ৰাংগনত শনিবাৰে মৰিগাঁৱৰ জিলা আয়ুক্ত তথা বিশিষ্ট শিল্পী দেৱাশীষ শৰ্মাৰ "মদাৰ গছত উজ্বলি জ্বলিছে ফাগুনৰে ৰঙা জুই" শীৰ্ষক এটি দেশপ্ৰেমমূলক গীত উন্মোচন কৰা হয়।

Advertisment

২০২৪ বৰ্ষৰ অসম সৌৰভ বঁটাৰে সন্মানিত নাদিৰাম দেউৰীয়ে গীতটি উন্মোচন কৰি আয়ুক্তগৰাকীৰ প্ৰচেষ্টাৰ শলাগ লয়। গীতটো উন্মোচন কৰি তেওঁ কয় যে জিলা আয়ুক্তগৰাকীয়ে নিজৰ কৰ্মব্যস্ততাৰ মাজতে সাংস্কৃতিক ক্ষেত্ৰখনক নিজৰ অৱদানেৰে উৰ্বৰা কৰাত বৰঙণি যোগাই আহিছে। তেওঁ ৰাইজক গীতটি আঁকোৱালি ল'বলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে গীতটিৰ কথা আৰু সুৰ কমল স্বৰ্ণকাৰৰ। সংগীত ব্যৱস্থাপনা দিগন্ত শৰ্মাৰ। কেমেৰাত প্ৰেম সিং আৰু আকাশে সহায় কৰে আৰু  ভিডিঅ' এডিটিঙত আছিল মনি ৰাজকোঁৱৰ। সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মৰিগাঁও আৰু  জাগীৰোডৰ সংগীতপ্ৰেমী ৰাইজক এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জনায়।

তেওঁ নাদিৰাম দেউৰীৰ লগতে সীতাজখলাৰ সমূহ কৰ্মকৰ্তাৰ শলাগ লয়। ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে আঁতধৰা সভাখনত নিবন্ধকাৰ মিলেশ্বৰ পাতৰ, সাহিত্যক অশোক ডেকা,সাংবাদিক প্ৰতাপ হাজৰিকাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Also Read: নগাঁও মহাবিদ্যালয়ত সংস্কৃত ভাষাৰ প্ৰসাৰ সন্দৰ্ভত কৰ্মশালা

morigaon debashish sarma