/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e6796853-e877-4978-ad43-004283da9c60/14.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও(স্বতন্ত্ৰ) মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰে ‘এদিনীয়া সৰল-মানক সংস্কৃত কৰ্মশালা’ অনুষ্ঠিত কৰা হয়। এই কৰ্মশালা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ ভাৰতীয় ভাষা-সমিতিৰ উদ্যোগত, কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পূৰাতন-অধ্যয়ন বিশ্ববিদ্যালয়, আৰু সংস্কৃত ভাৰতী উত্তৰ-পূৰ্বাঞ্চলৰ সহযোগত আয়োজন কৰা হয়।
উক্ত কৰ্মশালাত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ অধ্যাপক, শৈক্ষিক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদসকলে অংশগ্ৰহণ কৰে। কৰ্মশালা উদ্বোধন কৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰণজিৎ মজুমদাৰে মুখ্য অতিথি ৰূপে উপস্থিত থাকে সংস্কৃত ভাৰতী ৰাজস্থান ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী কমল শৰ্মা। কৰ্মশালাৰ সমন্বয়ক কুমাৰ ভাস্কৰৱৰ্মা সংস্কৃত আৰু পূৰাতন-অধ্যয়ন বিশ্ববিদ্যালয়ে আয়োজন কৰা এই কৰ্মশালাত সংস্কৃত ভাৰতী প্ৰান্ত-সংগঠন মন্ত্ৰী ভৱেন শইকীয়া(উত্তৰ অসম প্ৰান্ত) ,কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পূৰাতন-অধ্যয়ন বিশ্ববিদ্যালযৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ ৰণজিৎ তিৱাৰী, নলবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য কৃষ্ণৰাজবংশী, আৰু আন বহু অধ্যাপক উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a296babf-f7bd-4799-bbf3-fa853632619b/4b08b100_fc55_46d3_bd11_8b830fc5bacb.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d4a2ffdf-b6d6-4325-9e5b-a9adef91c04b/fb1caeb6_ee7b_4b80_9067_ecf58307a4c6.jpg)
আদৰণি ভাষণত ড০ ৰঞ্জিত কুমাৰ তিৱাৰীয়ে কয় যে নতুন ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মাজত সংস্কৃত ভাষাৰ প্ৰতি আগ্ৰহ আৰু সহযোগিতা বৃদ্ধিৰ বাবে সহজ সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো প্ৰয়োজনীয়। ইয়াৰ পিছতে অনুষ্ঠানৰ মূল বক্তা কমল শৰ্মাই নিজৰ মতামত ব্যক্ত কৰে। এই কৰ্মশালা আয়োজনৰ প্ৰাসংগিকতাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য দিয়ে। সৰল সংস্কৃত ভাষাৰ অভ্যাসৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰিব পৰা আধুনিক ভাৰতীয় শিক্ষা ব্যৱস্থা বিষয়ক প্ৰাসংগিক ভাষণ প্ৰদান কৰে।
মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ দেৱে তেওঁৰ বক্তৃতাত সংস্কৃত হৈছে ‘দেৱতাৰ ভাষা’ আৰু এই ভাষা সমগ্ৰ সমাজত বিয়পাই ভাৰতীয় সভ্যতাক প্ৰচাৰ কৰা উচিত বুলি উল্লেখ কৰে। অনুষ্ঠানৰ আৰম্ভণি আৰু শেষত সংস্কৃত গীত উপস্থাপন কৰা হয়। শেষত অংশগ্ৰহণকাৰীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় আৰু কৰ্মশালাখন ধন্যবাদ জ্ঞাপনেৰে সামৰণি পৰে। সমগ্ৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ সমগ্ৰ কাৰ্যসূচীৰ সম্পন্ন কৰে সংস্কৃত-অধ্যাপিকা ড° পুষ্পা শইকীয়াই।
Also Read: নিৰ্বাচন আয়োগত অথন্তৰঃ আয়ুক্ত অৰুণ গোৱেলৰ পদত্যাগ