দিল্লীত বিজেপিৰ সংসদীয় সমিতিৰ বৈঠক...

মোডী নেতৃত্বাধীন তৃতীয়খন চৰকাৰক লৈ ব্যাপক উৎকণ্ঠা ...

author-image
Asomiya Pratidin
New Update
দিল্লীত বিজেপিৰ সংসদীয় সমিতিৰ বৈঠক...

PM Narendra Modi

ডিজিটেল ডেস্কঃ শুকুৰবাৰে দিল্লীত বিজেপিৰ সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব। বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সমান্তৰালকৈ কংগ্ৰেছ নেতৃত্বাধীন INDIA মৰ্চায়ো দিল্লীত ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰি আছে।লোকসভা নিৰ্বাচনত এন ডি এ য়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি তীব্ৰতৰ হৈ পৰিছে। আজিৰ বৈঠকক লৈ সকলো নৱ নিৰ্বাচিত নেতাসকল দিল্লীত উপস্থিত হৈছে।

Advertisment

আজি ৰাষ্ট্ৰপতিৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনোৱা লগতে এন ডি এ সাংসদৰ তালিকাও দাখিল কৰিব মোডীয়ে। উক্ত বৈঠকতে নৰেন্দ্ৰ মোডীক সংসদীয় দলৰ নেতা নিৰ্বাচন কৰা হ'ব। উল্লেখ কৰাটো প্ৰয়োজনীয় যে, উক্ত বৈঠকৰ বাবে নিজ শপতগ্ৰহণ অনুষ্ঠান পিছুৱাই দিল্লীত উপস্থিত হৈছে চন্দ্ৰবাবু নাইডু।

ইতিমধ্যে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে কেবাটাও গুৰুত্বপূৰ্ণ মন্ত্ৰণালয়ৰ দাবী কৰা বুলি জানিব পৰা গৈছে। আনহাতে আজি সন্ধিয়াৰ বৈঠকৰ বাবে দিল্লীত উপস্থিত হৈছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সিন্দেৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। ইফালে নতুন চৰকাৰৰ শপত গ্ৰহণৰ পূৰ্বে মোডী চৰকাৰক বৈষম্যমূলক নীতি পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে বিৰোধী পক্ষই।

Also Read: গুৱাহাটীত খালিস্তানী সমৰ্থকৰ দেৱাল লিখন

BJP Parliamentary Committee delhi BJP meeting NDA meeting at delhi