/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/b147616b-5708-4263-af9a-947b65f83af2/23.jpg)
ডিজিটেল সংবাদ,মৰিগাঁওঃ মৰিগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত সংঘটিত হোৱা বিজেপি নেত্ৰী অৰ্চনা বৰদলৈৰ কাণ্ডৰ প্ৰসঙ্গত শুকুৰবাৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
জিলা আয়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কয় যে, বৰ্তমান তদন্ত চলি আছে, আৰক্ষীৰ ওচৰত ইতিমধ্যেই গোচৰ ৰুজু কৰা হৈছে।আৰক্ষী অধীক্ষক গৰাকীয়ে আমাক আশ্বাস দিছে যে ইয়াৰ ওপৰত বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হব। এই সমগ্ৰ ঘটনা অতি দুৰ্ভাগ্য জনক আখ্যা দি তেওঁ কয় যে,চিচি কেমেৰাৰ এটা ফুটেজ মোৰ হাতত দিছে, সেইটো মই চাইছো। বিধিগত ভাৱে গোচৰটো আৰক্ষীক দিয়া হৈছে আৰু আৰক্ষীৰ ওপৰত আমাৰ বিশ্বাস আছে। ঘটনাৰ উচিত বিচাৰ হব।
উল্লেখযোগ্য যে, শাসকীয় দলৰ ৱাৰ্ড কমিছনাৰ অৰ্চনা বৰদলৈয়ে বৃহস্পতিবাৰে তৃতীয় পক্ষৰ ভূমি সংক্ৰান্তীয় কাম লৈ মণিকা বুঢ়াগোহাইৰ কোঠাত উপস্থিত হৈছিল।উক্ত কাম-কাজ নোহোৱাৰ অভিযোগ উত্থাপন কৰি বিষয়া গৰাকীক গালি-গালাজ কৰিছিল অৰ্চনা বৰদলৈয়ে। লগতে তেওঁৰ মোবাইল ফোন কাঢ়ি বিষয়া গৰাকীক শাৰিৰীৰভাৱে অপদস্থ কৰিছিল।
ঘটনা সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। কাৰ্যালয়টোৰ কৰ্মীসকলৰ অভিযোগ অনুসৰি পূৰ্বতেও ৱাৰ্ড কমিছনাৰ অৰ্চনা বৰদলৈয়ে কাৰ্যালয়ৰ কামত নীতিবৰ্হিভূতভাৱে হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
Also Read: মঙলদৈত নিষিদ্ধ দ্ৰব্যসহ এজনক আটক...