মঙলদৈত নিষিদ্ধ দ্ৰব্যসহ এজনক আটক...

ড্ৰাগছ ভৰ্তি ২৫ কণ্টেইনাৰৰ সৈতে এখন মটৰ চাইকেল জব্দ

author-image
Asomiya Pratidin
New Update
মঙলদৈত নিষিদ্ধ দ্ৰব্যসহ এজনক আটক...

মঙলদৈত নিষিদ্ধ দ্ৰব্যসহ এজনক আটক...

ডিজিটেল সংবাদ আগষ্ট: মঙলদৈ আৰক্ষীৰ জালত পৰিছে এটা ড্ৰাগছ সৰবৰাহকাৰী। জানিব পৰা মতে মঙলদৈ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে নিশা ২ বজাত ইনটাজ আলি নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰিছে। মঙলদৈ চহৰৰ ২ নং ৱাৰ্ডৰ পৰা আটক কৰিছে সৰবৰাহকাৰীটোক।

Advertisment

অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি ইনটাজে ড্ৰাগছৰ অবৈধ সৰবৰাহ চলাই আহিছিল। আৰক্ষীয়ে ইনটাজৰ পৰা ড্ৰাগছ ভৰ্তি ২৫ টা কণ্টেইনাৰ, এটা মোবাইল আৰু এখন মটৰ চাইকেল জব্দ কৰিছে।

জব্দকৃত মটৰচাইকেলখনৰ নম্বৰ এ এছ ১৩ কিউ ৩৬২৮। আজি আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোক মঙলদৈ আদালতত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে।

Also Read: নতুন সংসদ ভৱনত ছাদৰ পৰা নিগৰি হোৰাহোৰে পৰিছে বৰষুণৰ পানী...

মঙলদৈ ড্ৰাগছ বিৰোধী অভিযান