
ডিজিটেল সংবাদ, মায়ং: মৰিগাঁও জিলাৰ মনহা আঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা আৰু দীপান্বিতা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত দেওবাৰৰ পৰা আৰম্ভ হৈছে মহাৰজত জয়ন্তী। মনহা বিলৰ পাৰত মনহা পাৰঘাটত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা শ্যামা পূজাৰ দেওবাৰে প্ৰথম দিনা পুৱাৰ ভাগত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰাৰ পিছতেই উদযাপন সমিতিৰ সভাপতি দীপক কুমাৰ মেধিয়ে মূল পতাকা উত্তোলন কৰে।
তাৰ পিছতেই ৭৫ খন পতাকা উত্তোলন কৰে অঞ্চলৰ ৭৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে। সোমবাৰে ১৩ অক্টোবৰৰ দিনা সাংস্কৃতিক শোভাযাত্ৰা, নিশা 'কালিয় দমন' নাট প্ৰদৰ্শন কৰা হ'ব। ১৪ অক্টোবৰৰ দিনা অংকীয়া ভাওনা 'ত্ৰিপুৰাসুৰ বধ' আৰু যাত্ৰাভিনয় 'পুষ্প পাৰিজাত' মঞ্চস্থ হ'ব।
১৫ অক্টোবৰৰ দিনা মুকলি সভাৰ আয়োজন কৰা হৈছে। উক্তদিনা নিশাৰ ভাগলৈ অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী দীক্ষুই সংগীতানুষ্ঠান পৰিৱেশন কৰিব। অন্তিম দিনা স্বচ্ছতা অভিযান, গছ পুলি ৰোপন, নাম প্ৰসংগ আৰু প্ৰতিমা বিসৰ্জন কাৰ্যসূচী আছে।
আটাই কেইদিনৰ অনুষ্ঠান সফল কৰি তুলিবলৈ সভাপতি দীপক কুমাৰ মেধি, কাৰ্যকৰী সভাপতি প্ৰবীন মেধি আৰু সম্পাদক বনমালী ডেকাই ৰাইজৰ সহযোগৰ বাবে অনুৰোধ জনাইছে।