মই বিশ্বাসঘাতক বিজেপিত কেনেকৈ থাকিম : ৰমাকান্ত দেউৰী

'তেওঁলোকৰহে বেকগ্ৰাউণ্ড আছে নেকি ? আমাৰ বেকগ্ৰাউণ্ড নাই নেকি? সিহঁতৰহে আই পিতাই আছে নেকি ?
মই বিশ্বাসঘাতক বিজেপিত কেনেকৈ থাকিম : ৰমাকান্ত দেউৰী

ডিজিটেল সংবাদ,মৰিগাঁও : বিধায়ক ৰমাকান্ত দেউৰীৰ পুনৰ বিস্ফোৰক মন্তব্য। মঙলবাৰে তেওঁ বিজেপি সন্দৰ্ভত কয়- 'বিজেপিৰ সভা-সমাবেশ পাতিলে আমাৰ জনজাতীয় মহিলা,যুৱক বিলাক যায়। সিহঁতৰ মানুহ যায় নেকি ? আমাৰ মানুহ বিলাকক সিহঁতৰ মানুহ বুলি কয়। কিন্তু আমাৰ মানুহৰ বিজেপিত গুৰুত্ব নাই।'

পুনৰ তেওঁ আক্ষেপেৰে কয়- 'মই বিজেপিত গ'লো। তেওঁলোকে কৈছিল আপোনাক সম্পূৰ্ণ দায়িত্ব দিয়া হ'ব। কিন্তু কি দিলে? কাপ-প্লেট ধোৱা,বেল বজোৱা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী চাকৰি এটাও দিব নোৱাৰোঁ। এইয়া বিধায়ক হ'ল নে ? বুলি তেওঁ মন্তব্য কৰে।

'মই বিশ্বাসঘাতক বিজেপিত কেনেকৈ থাকিম ? য'ত আমাৰ নিৰাপত্তা নাই । মই অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম। মোৰ জনজাতীয় ভাইহঁতক লৈ নিৰ্বাচন খেলিম। যি দল আহে তাৰ পৰাই খেলিম। জাতীয় ঐক্য মঞ্চৰ পৰা খেলিব পাৰোঁ। আনকি কংগ্ৰেছৰ পৰাও খেলিব পাৰোঁ। কিন্তু মই কংগ্ৰেছৰ পৰা নেখেলো। অকলে খেলিলেও জিকিম।আন মন্ত্ৰী -এম এল এ মোৰ বিৰুদ্ধে উঠক । কোনে কিমান ভোট পাই চাম' বুলি তেওঁ প্ৰত্যাহ্বান জনায়।

'তেওঁলোকৰহে বেকগ্ৰাউণ্ড আছে নেকি ? আমাৰ বেকগ্ৰাউণ্ড নাই নেকি? সিহঁতৰহে আই পিতাই আছে নেকি ? আমাৰ নাই নেকি' বুলি মুকলিকৈ প্ৰত্যাহ্বান জনায়। আনহাতে এনেদৰে হ'লে বিজেপি দল বেছিদিন জীয়াই নাথাকে বুলি ভবিষ্যতবাণী কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে চতুৰ্থ শ্ৰেণীৰ নিযুক্তি এটা বিধায়কে দিব নোৱাৰে। ভিতৰুৱাকৈ কোনোবাই হয়তো বহুত দিলেও আমি কিন্তু নাজানো।

কিন্তু নিযুক্তি কিমান নিকা এতিয়া লাহে লাহে ওলাইছে। সত্য কলৈ যাব ভাই বুলি ৰমাকান্ত দেউৰীয়ে কয় যে সত্য যেতিয়া ওলাব তেতিয়া অসত্যৰ নিস্তাৰ নহ'ব বুলি ক্ষোভ উজাৰে।

মই বিশ্বাসঘাতক বিজেপিত কেনেকৈ থাকিম : ৰমাকান্ত দেউৰী
হিমন্তক জিন্দাবাদ দি বিজেপিৰ পৰা খেদা খালে সৌমেন্দ্ৰ নাথ ডেকাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in