ৰাইজে বিজেপিক বেয়া পাবলৈ লৈছে, বিজেপি আজি গভীৰ সংকটত : ৰমাকান্ত দেউৰী

ৰাইজে বিজেপিক বেয়া পাবলৈ লৈছে, বিজেপি আজি গভীৰ সংকটত : ৰমাকান্ত দেউৰী

ডিজিটেল সংবাদ,মৰিগাঁও : ভাৰতীয় জনতা পাৰ্টী অসম ৰাজ্যিক সমিতিৰ ন-পুৰণি নেতা-কৰ্মী সন্দৰ্ভত সংঘাত চলি থকাৰ মাজতে বিধায়ক ৰমাকান্ত দেউৰীয়ে বিস্ফোৰক মন্তব্য কৰে। প্ৰাক্তন ৰাজ্য়িক সভাপতি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য,ৰাজেন গোঁহাই তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কৰা মন্তব্যৰ পিছতে শেহতীয়াকৈ ৰমাকান্ত দেউৰীয়ে কৰা বিস্ফোৰক মন্তব্যই একাংশৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিধায়ক দেউৰীয়ে কয়- 'ৰাইজে বিজেপিক বেয়া পাবলৈ লৈছে। বিজেপি আজি গভীৰ সংকটত। দলৰ ঊৰ্ধত কোনো নহয়। পাবত গজাবোৰ বেছিদিন টিকি নাথাকে। আজি কিছু কাৰ্যকতাই বিজেপি দলটোক পৈতৃক সম্পত্তি ৰূপে ব্যৱহাৰ কৰিছে, আত্মগৌৰৱী হৈ পৰিছে তেওঁলোকে ভুল ভাবিছে এইয়া এটা দলৰ ধ্বংসৰ চিন।'

দলৰ সাম্প্ৰতিক সময়ৰ কথা চিন্তা কৰি দেউৰীয়ে একাংশক উদ্দেশ্যি কয় 'তেওঁলোকে আত্মসমালোচনা কৰক আৰু সমাধান কৰক।' ইপিনে বিজেপি দলৰ দুই প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোঁহাই আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ক্ষোভক ন্যায্যতা প্ৰদান কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।

ৰাজােন গোঁহাই আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য সম্পৰ্কে তেওঁ কয় যে, তেওঁলোক পুৰনা কাৰ্যকতা। বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি দলটোক শক্তিশালী কৰি ক্ষমতালৈ আনিলে। তেওঁলোকে সন্মান নাপালে দুখ লাগিবই। তেওঁলোকে কিন্তু বহুত ধৈৰ্য ধৰিছে।

দলটো যেতিয়া উচ্ছৃংখল, বিশৃংখল হৈছে তেতিয়াহে দুই প্ৰাক্তন ৰাজ্যিক সভাপতিয়ে মাত মাতিছে। নহ'লে দল থানবান হ'ব বুলি দেউৰীয়ে মন্তব্য কৰে। আনহাতে তেওঁকো প্ৰতাৰণা কৰা বুলি বিস্ফোৰক মন্তব্য কৰি কয় - 'মই ১৯৯১ চনতে ৰাজেন গোঁহাইৰ সৈতে বিজেপি কৰিছোঁ। পিছত কংগ্ৰেছ কৰিছোঁ যদিও বিজেপিলৈ আহিছোঁ । এতিয়া এনে পৰ্যায় পাইছে । সকলো ক্ষোভিত। কেবল পুৰণা কাৰ্যকৰ্তাই নহয় মন্ত্ৰী, এম এল এ সকলো ক্ষোভিত।'

লগতে বিধায়কগৰাকীয়ে আক্ষেপেৰে উল্লেখ কৰে যে, সকলোৰে অন্তৰত ক্ষোভ-বেদনা আছে। কোনো মন্ত্ৰী এম এল এৰ মৰ্যদা নাই, কোনো সিদ্ধান্ত লোৱা ক্ষমতা নাই।

উক্ত মন্তব্যসমূহ প্ৰদান কৰি তেওঁ অৱশ্যে এইবুলিয়ো কয়- 'মই ক্ষোভ উজাৰিব বিচৰা নাই। মোৰ বাবে দলটো বিপৰ্যয়ৰ আহক বিচৰা নাই বাবে মই ধৈৰ্য ধৰি আছো। জাতি, মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই।' এতিয়া একাংশ কাম-কাজৰ বাবে বিজেপিক বেয়া ৰাইজে বেয়া পাবলৈ লৈছে বুলিও বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰকাশ কৰে।

ৰাইজে বিজেপিক বেয়া পাবলৈ লৈছে, বিজেপি আজি গভীৰ সংকটত : ৰমাকান্ত দেউৰী
পথ দুৰ্ঘটনাত নিহত সেনা জোৱানৰ প্ৰতি ৰাজনাথ সিঙৰ শোক প্ৰকাশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in