পথ দুৰ্ঘটনাত নিহত সেনা জোৱানৰ প্ৰতি ৰাজনাথ সিঙৰ শোক প্ৰকাশ

আমি আমাৰ দেশৰ প্ৰতি তেওঁলোকৰ অনুকৰণীয় সেৱা কেতিয়াও পাহৰিব নোৱাৰিম।

author-image
Asomiya Pratidin
New Update
পথ দুৰ্ঘটনাত নিহত সেনা জোৱানৰ প্ৰতি ৰাজনাথ সিঙৰ শোক প্ৰকাশ

ডিজিটেল ডেস্ক : লাডাখৰ লেহত সংঘটিত পথ দুৰ্ঘটনাত নিহত ভাৰতীয় সেনা জোৱানৰ প্ৰতি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শোক প্ৰকাশ কৰে। শনিবাৰে বিয়লি ভাৰতীয় সেনাবাহিনীৰ দলটো কৰু গেৰিছনৰ পৰা কিয়াৰি অভিমুখে গৈ থকাৰ পথত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।

Advertisment

ফলত ৯গৰাকীকৈ ভাৰতীয় সেনাবাহিনীৰ লোকে অকাল মৃত্য়ুক আঁকোৱালি লোৱাৰ বিপৰীতে একাধিক জোৱান আঘাতপ্ৰাপ্ত হৈছিল। দুৰ্ঘটনাৰ পিছতে আঘাতপ্ৰাপ্তসকলক ততাতৈয়াকৈ ফিল্ড হস্পিটেললৈ লৈ যোৱা বুলি জানিব পৰা গৈছে।

নিহত জোৱানসকলৰ প্ৰতি শোক প্ৰকাশ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে- 'লাডাখৰ লেহৰ ওচৰত সংঘটিত দুৰ্ঘটনাত ভাৰতীয় সেনাৰ জোৱানসকলক হেৰুওৱাৰ বাবে দুঃখিত। আমি আমাৰ দেশৰ প্ৰতি তেওঁলোকৰ অনুকৰণীয় সেৱা কেতিয়াও পাহৰিব নোৱাৰিম। শোকসন্তপ্ত পৰিয়ালবোৰৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আঘাতপ্ৰাপ্তসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।' 

Also Read: লাডাখত ভয়ংকৰ পথ দুৰ্ঘটনা : ৯জন ভাৰতীয় সেনাৰ মৃত্যু

rajnath singh Minister of Defence of India indian army