/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/5930957f-665d-4d08-ab91-6bda8ccd5a74/PIJUSH_05.jpg)
জাগীৰোডত ১৪০ টা টিউবেল স্থাপনৰ কাম আৰম্ভঃ এটা টিউবেলে সামৰি ল'ব ৩০ বিঘা ভূমি...
ডিজিটেল সংবাদ জাগীৰোডঃ কৃষক ৰাইজক খেতি পথাৰত পানীৰ যোদান ধৰাৰ বাবে জলসিঞ্চন বিভাগে জাগীৰোড সমষ্টিত ১৪০ টা টিউবেলৰ কাম আৰম্ভ কৰিছে। এটা টিউবেলত প্ৰায় ৩০ বিঘা মাটি সামৰি লোৱা হ'ব।
এই কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। এই আঁচনিখনৰ জৰিয়তে কেনেকৈ লাভান্বিত হৈছে মন্ত্ৰীগৰাকীৰ আগত প্ৰকাশ কৰে এগৰাকী কৃষকে। লগতে মন্ত্ৰী পীযুষ হাজৰীকাক বুজাই দিয়ে যে, এবিঘা মাটিত বিলাহীৰ খেতি কৰি কৃষকগৰাকীয়ে প্ৰায় আঢ়ৈ লাখ টকা উৎপাদন কৰে।
এনেকুৱা উদাহৰণ যদি নলওঁ তেতিয়া হ'লে অসমীয়া জাতিটো এদিন নষ্ট হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বান সমস্যা, মথাউৰি নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰি সকলোকে খেতিৰ বাবে আগ্ৰহী হ'বলৈ অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এমএছপিৰ যোগেদি খেতিয়কৰ বাবে অতি গুৰুত্বপূৰ্ণ তথা সুস্থ পৰিবেশ সৃষ্টি কৰাৰ কথা উনুকিয়ায় মন্ত্ৰী পীযুষ হাজৰীকাই। মুখ্যমন্ত্ৰীৰ এই পদক্ষেপৰ জৰিয়তে গাঁৱৰ কৃষকসকলে উৎকৃষ্ট মানৰ ধানৰ দাম লাভ কৰিছে বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
সাধাৰণ কৃষক ৰাইজক কৰ্মৰ বাবে ওলাই আহিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্যৰ খেতিয়কসকলক লাভান্বিত কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ বুলি উল্লেখ কৰে। আনহাতে কাম অধিক কৰিম বুলিও ৰাইজক আশ্বাস দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই।
Also Read: গোলাঘাটত লোক কল্যাণ দিৱস পালনঃ তিনিগৰাকী কৰ্মচাৰীক 'লোকসেৱা বঁটা' প্ৰদান...