/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6e560a02-f738-4e5f-a522-01d79d875864/GOLAGHAT_5.jpg)
গোলাঘাটত লোক কল্যাণ দিৱস পালনঃ তিনিগৰাকী কৰ্মচাৰীক 'লোকসেৱা বঁটা' প্ৰদান...
ডিজিটেল সংবাদ গোলাঘাটঃ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক পূণ্য তিথি উপলক্ষে আজি গোলাঘাট জিলাতো গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত পালন কৰা হয়। লোক কল্যাণ দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/09cce777-5598-470b-8ea3-43398a7c2fc6/ce8438b8_fdfd_49c8_9eeb_1af393acc8e4.jpg)
সভাৰ উদ্দেশ্য ব্যাখ্যা তথা আদৰণি ভাষণ আগবঢ়ায় অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মনে। আজিৰ লোক কল্যাণ দিৱসৰ কাৰ্যসূচীতে গোলাঘাট জিলাৰ তিনিগৰাকী কৰ্মচাৰীক তেওঁলোকৰ উৎকৃষ্ট সেৱা, কৰ্তব্যনিষ্ঠা আৰু সততাৰ বাবে অসম চৰকাৰৰ লোক সেৱা পুৰস্কাৰ আগবঢ়োৱা হয়।
এই বৰ্ষত অসম চৰকাৰৰ লোক সেৱা পুৰস্কাৰ লাভ কৰা গোলাঘাট জিলাৰ কৰ্মচাৰী কেইগৰাকী হৈছে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক ত্ৰিদিপ শইকীয়া, বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰাজকুমাৰ দাস আৰু গোলাঘাট পশ্চিম উন্নয়ন খণ্ড, বোকাখাতৰ গ্ৰাম সেৱক প্ৰণৱ বৰুৱা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/1fdced56-e9c0-47e6-911a-4837494da837/af647e62_b08f_40df_9a7c_843bb5f46e89.jpg)
সভাত গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ তিনিওগৰাকী পুৰস্কাৰপ্ৰাপকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আন কৰ্মচাৰীসকলকো দুগুণ উদ্যমেৰে কাম কৰিবলৈ আহ্বান জনায়।
তেওঁ কয় যে প্ৰতিগৰাকী কৰ্মচাৰী পুৰস্কৃত হ'বই লাগিব বুলি কথা নাই, কাৰণ দায়বদ্ধতা আৰু সেৱাৰ মনোভাৱে এগৰাকী ব্যক্তিক উচ্চ আসনত অধিষ্ঠিত কৰিব পাৰে। জিলা আয়ুক্তগৰাকীয়ে সকলো বিষয়া আৰু কৰ্মচাৰীক আয়ুক্তৰ কাৰ্যালয় অথবা যিকোনো চৰকাৰী কাৰ্যালয়লৈ অহা জনসাধাৰণক ভাল আচৰণ আৰু নম্ৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ca8b1070-a90f-4307-a5f7-4e0073f4047c/42bb0255_8d5b_4253_9561_5a1dda6f275f.jpg)
সভাত অংশ লৈ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসে কয় যে, স্বীকৃতিয়ে মানুহক অনুপ্ৰেৰণা দিয়ে। এজন কৰ্মচাৰীক যেতিয়া সাধাৰণ মানুহে আস্থাত লৈ তেওঁৰ কামৰ বাবে প্ৰশংসা কৰে সেয়া জীৱনৰ শ্ৰেষ্ঠ প্ৰাপ্তি।
অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মনে সভাত এই পুৰস্কাৰ লাভ কৰাৰ বাবে কেনেকৈ আগবাঢ়িব লাগে এই প্ৰক্ৰিয়াটোৰ বিষয়ে বিতংভাৱে ব্যাখ্যা আগবঢ়ায়। তেওঁ কয় যে প্ৰতিটো কামৰ সৈতে লোক কল্যাণ জড়িত হৈ থাকে আৰু প্ৰতিজন কৰ্মচাৰীয়ে এই উদ্দেশ্য সাধনৰ লক্ষ্যৰে কাম কৰি যাব লাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6fe2c345-1cb7-4501-9c98-e04f197fdc70/44811c4a_981c_40ee_af97_22296105adf3.jpg)
সভাত তিনিওগৰাকী পুৰস্কাৰ প্ৰাপকে নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে। আজিৰ সভাত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত অমৃতপ্ৰভা দাস আৰু চৈয়দ ৱাছবিৰ চুভানী, অতিৰিক্ত আয়ুক্তসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া তথা কৰ্মচাৰীসকল উপস্থিত আছিল।
Also Read: স্কুললৈ বুলি ওলাই যোৱা ভাতৃ-ভগ্নী নিৰুদ্দেশ, চিন্তিত পিতৃ-মাতৃ, অপহৰণৰ সন্দেহ