/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f71248f5-3228-4605-8bf2-0e0ca1ed9cca/MARIGAON_27.jpg)
শিক্ষক অমৃত চন্দ্ৰ দাসৰ বাসগৃহত স্মৃতিচাৰণ সভা...
ডিজিটেল সংবাদ মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ কুসুমপুৰ বীণাপাণি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমৃত চন্দ্ৰ দাসৰ মৃত্যু উপলক্ষে শুকুৰবাৰে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। উল্লেখ্য যে, যোৱা ৩০ ছেপ্তেম্বৰৰ দিনা সংঘটিত হোৱা এক বাইক দুৰ্ঘটনাত পতিত হৈ গুৱাহাটীৰ এখন নাৰ্ছিং হোমত চিকিৎসাধীন অবস্থাতে যোৱা ১৩ অক্টোবৰৰ দিনা ইহলীলা সম্বৰণ কৰে অমৃত চন্দ্ৰ দাসে।
বুৰাবুৰী প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সৌজন্যত আজি তেখেতৰ বাসগৃহত অনুষ্ঠিতল আদ্যশ্ৰাদ্ধস্থলিত এখন স্মৃতিচাৰন সভা অনুস্থিত কৰা হয়। শোকসন্তপ্ত পৰিয়ালটিক সমবেদনা জনোৱাৰ লগতে বন্তি প্ৰজলন, পুষ্পাঞ্জলি অৰ্পণ আৰু এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।
মৃত দাসৰ সহধৰ্মিণী আৰু তিনিগৰাকী কন্যাক কেন্দ্ৰৰ তৰফৰ পৰা এখন শ্ৰদ্ধাঞ্জলি পত্ৰ, শৰাই, গামোচা, অংগবস্ত্ৰ আৰু নগদ ধনৰ এটি টোপোলাৰে প্ৰদান কৰা হয়। কেন্দ্ৰ প্ৰধান দীপক কুমাৰ মেধিয়ে আট ধৰা অনুস্থানটিত কেন্দ্ৰৰ প্ৰায় ৪০ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।
একেখন সভাতেই ১৮ জনীয়া ইভাৰগ্ৰীণ গোটৰ সদস্যসকলো উপস্থিত থাকি মৃতকৰ পৰিয়াল বৰ্গলৈ শৰাই, গামোচা, অংগবস্ত্ৰ আৰু নগদ ধনেৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। গোটৰ সভাপতি যোগেন্দ্ৰ নাথ চৌধুৰী আৰু অন্যতম সদস্য দীপন ডেকাই আত ধৰা অনুষ্ঠানটিত এখন শ্ৰদ্ধাঞ্জলি পত্ৰ প্ৰদান কৰে।
Also Read: মাজবাটত স্বামীৰ দাৰ ঘাপত আহত পত্নী, কন্যা সন্তান আৰু আত্মীয়...