নতুন পেঞ্চন নীতি বাতিলৰ দাবীৰে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ

মায়ং ৰাজহ চক্ৰ কাৰ্যালয়ৰ মণ্ডল কাননগো সকলৰ স্মাৰক পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী আৰু  প্ৰধানমন্ত্ৰীলৈ

author-image
Asomiya Pratidin
New Update
নতুন পেঞ্চন নীতি বাতিলৰ দাবীৰে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ

ডিজিটেল সংবাদ, মায়ংঃ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক  পত্ৰ  প্ৰেৰণ কৰে মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰ কাৰ্যালয়ৰ মণ্ডল কাননগো আৰু কৰ্মচাৰী সকলে । সদৌ অসম এন এম অ পি এছৰ মায়ং ৰাজহ  চক্ৰ  কাৰ্যালয়ৰ সম্পাদক ইমৰান হুছেইনে জানিবলৈ দিয়া মতে  ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ দিনটোত যি নতুন পেঞ্চন নীতি চৰকাৰে অসমৰ চৰকাৰী কৰ্মচাৰী সকলৰ ওপৰতো  জাপি দিছিল সেয়া কোনো পধ্যেই  মানি লোৱা নহ'ব।

Advertisment

যিহেতু ভাৰতবৰ্ষৰ আন কেইবাখনো ৰাজ্যত ইতিমধ্য পুৰণি পেঞ্চন নীতিকে বাহাল ৰখাৰ সিদ্ধান্ত লৈছে সেই অনুসৰি অসমতো প্ৰযোজ্য হ'ব লাগে বুলি স্মাৰক পত্ৰ খনত উল্লেখ কৰিছে । নতুন পেঞ্চন নীতিক চৰকাৰে শীঘ্ৰেই বাতিল কৰি পূৰ্বৰ নীতিকে  বাহাল নাৰাখিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ দিয়ে।

কাৰণ মণ্ডল কাননগোসকলে জীৱনৰ উজ্জীৱিত সময় খিনিত ৰাজ্য তথা দেশৰ  জনগণৰ কল্যাণৰ হকে কাম কৰি বৃদ্ধ বয়সত জীৱিকাৰ একমাত্ৰ ভৰষা চৰকাৰৰ পৰা  পাবলগীয়া পেঞ্চনৰ পৰা বঞ্চিত কৰাৰ যি সিদ্ধান্ত হাতত লৈছে তাৰ দ্বাৰা মণ্ডল কাননগো সকলৰ জীৱনৰ নিৰাপত্তাহীনতা আহি পৰিছে । তিনিটা গুৰুত্বপূৰ্ণ দাবী জনাই আজি ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে মায়ং ৰাজহ চক্ৰ কাৰ্যালয়ৰ মণ্ডল কাননগো সকলে ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্য়মন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Also Read: শিৱসাগৰত দম্পতীক প্ৰহাৰঃ গ্ৰেপ্তাৰ অভিযুক্ত বিজেপি কৰ্মী অংশুমান বৰা...

new pension policy