সমবায় সমিতিৰ এজেন্টৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ: হাতে হাতে ৰেচন কাৰ্ডলৈ প্ৰতিবাদ মহিলাৰ...

সমবায় সমিতিৰ এজেন্টৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ: হাতে হাতে ৰেচন কাৰ্ডলৈ প্ৰতিবাদ মহিলাৰ...

ডিজিটেল সংবাদ, কামপুৰ : নগাওঁ জিলা খাদ্য আৰু অসামৰিক যোগান বিষয়াৰ অন্তৰ্গত মাধৱপুৰ সমবায় সমিতি লিমিটেডৰ দক্ষিণ জৰবাগানৰ এজেন্টৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ। যাৰ বাবে সোমবাৰে দুপৰীয়া মহিলা হিতাধিকাৰীসকলে একত্ৰিত হৈ হাতে হাতে ৰেচন কাৰ্ডলৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

"সুলভ মূল্যৰ এজেন্ট মিন্টু সৰকাৰৰ দুৰ্নীতি বন্ধ কৰক, চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউল নীতিমতে যোগান ধৰক, প্ৰতিমাহৰ আৱন্টিত চাউল যোগান ধৰক, এজেন্ট মিন্টু সৰকাৰক বহিষ্কাৰ কৰক, আমাৰ দাবী ন্যাৰ্য দাবী" আদি নানান শ্ল'গানেৰে ৰজাগাঁৱৰ দক্ষিণ জৰবাগানৰ আকাশ বতাহ কঁপাই তোলে ৷

উল্লেখ্য যে, উক্ত এজেন্টজনে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ গ্ৰাহক সকলক চাইল জোখতকৈ কমকৈ দিয়াৰ লগতে এপ্ৰিল মাহৰ চাউল গ্ৰাহকক নিদি কৌশলেৰে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ সেয়েহে হিতাধিকাৰী মহিলা সকলে হাতে হাতে ৰেচন কাৰ্ড লৈ প্ৰতিবাদ কৰে দুৰ্নীতিগ্ৰস্ত এজেন্ট মিন্টু সৰকাৰৰ বিৰুদ্ধে ৷

সমবায় সমিতিৰ এজেন্টৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ: হাতে হাতে ৰেচন কাৰ্ডলৈ প্ৰতিবাদ মহিলাৰ...
তিনিচুকীয়াৰ ক্ৰুড অইল চুৰি চক্ৰত আৰক্ষী, সাংবাদিকৰ পৰা দল-সংগঠনৰ নেতালৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in