শোণিতপুৰত মুকলি হ'ল ‘আপ’ৰ কাৰ্যালয়...

শোণিতপুৰত মুকলি হ'ল ‘আপ’ৰ কাৰ্যালয়...

ডিজিটেল ডেস্ক : আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি আম আদমি পাটীয়ে সমগ্ৰ ৰাজ্যতে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। তাৰ সমান্তৰালকৈ দলটোৰ সাংগঠনিক সম্পাদক ঋষিৰাজ্য কৌণ্ডিল্যই শোণিতপুৰ জিলাত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে জিলাখনৰ অন্তৰ্গত কেটেকীবাৰী তেজপুৰ বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে দলীয় কাৰ্যালয়।

কাৰ্যালয়টোৰ উদ্বোধন কৰে দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। উক্ত অনুষ্ঠানত লক্ষ্যণীয়ভাবে স্থানীয় শতাধিক পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে দলটোত যোগদান কৰিয়ে আম আদমি পার্টী জিন্দাবাদ ধ্বনিৰে সমগ্ৰ অঞ্চল ৰজনজনাই তোলে। উদ্বোধনী অনুষ্ঠানত দলৰ বহু ৰাজ্যিক, জিলা পৰ্যায়ৰ বিষয়ববীয়াৰ লগতে ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাও উপস্থিত থাকে।

ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত দলটোৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক নিজ নিজ এলেকাত কৰ্মকৰ্তাৰ সংখ্যা বৃদ্ধিৰে দলৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি যাবলৈ অনুৰোধ জনাই আৰু আগন্তুক লোকসভা ও পঞ্চায়ত নিৰ্বাচনত আম আদমি পাৰ্টীয়ে অপ্ৰতিৰোধ্য সফলতা অৰ্জনৰ বাবে সকলো নেতা-কর্মীকে পূর্ণোদ্যমে প্ৰস্তুতি অব্যাহত ৰাখিবলৈও মুকলি আহ্বান জনায়।

শোণিতপুৰত মুকলি হ'ল ‘আপ’ৰ কাৰ্যালয়...
হাটশিঙিমাৰীত কৃত্ৰিম বান: জলমগ্ন চৰকাৰী কাৰ্যালয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in