মায়ঙৰ ঝাৰগাঁও বজাৰৰ মাজমজিয়াত দিনৰ পোহৰতে এজন দৰ্জীক হত্যা

মায়ঙৰ ঝাৰগাঁও বজাৰৰ মাজমজিয়াত দিনৰ পোহৰতে এজন  দৰ্জীক হত্যা

ডিজিটেল সংবাদ,মায়ং :জাগীৰোড থানাৰ অন্তৰ্গত ঝাৰগাঁও বজাৰত মঙলবাৰে বিয়লিৰ ভাগত সংঘটিত হয় এক হত্যাকাণ্ড। দুজন উদণ্ড যুৱকৰ আক্ৰমণত প্ৰাণ গ'ল এজন দৰ্জীৰ। ঝাৰগাঁও বজাৰৰ দৰ্জী জনৰ নাম সূৰ্য লাল দাস।ঘৰ জাগীৰোড থানাৰ অন্তৰ্গত কাৰছোৱাবৰীত।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে মনহা কোৱৰ গাঁৱৰ এগৰাকী বয়সস্থ মহিলাই অতি অমায়িক স্বভাৱৰ দৰ্জী সূৰ্য লাল দাসৰ দোকানত কেইদিনমান আগত কাপোৰ চিলাই কৰিবলৈ দিছিল । আজি সেই চিলোৱা কাপোৰ নিবলৈ যাওঁতে দৰ্জী জনৰ সতে মহিলা গৰাকীৰ মতানৈক্য হয়।

তাৰ পিছতেই মহিলা গৰাকীয়ে দৰ্জী জনৰ বিৰুদ্ধে কিবা কথা কৈ ফোন কৰি দুই পুত্ৰক মাতি পঠিয়াই ঝাৰগাঁও বজাৰলৈ।মাকৰ ফোন পোৱাৰ পিছত দুই পুত্ৰ মনোজ দেউৰী আৰু ৰূপেশ্বৰ দেউৰীয়ে বজাৰৰ মাজমজিয়াত থকা দোকান খনৰ ভিতৰত সোমাই শান্ত প্ৰকৃতিৰ সূৰ্য লাল দাসক জধে মধে ঘুচিয়াবলৈ ধৰে। সেই সময়ত দোকান খনত দুজন শিক্ষকসহ তিনি জন লোক আছিল । বাধা দিও আক্ৰমণকাৰী যুৱক দুজনক শান্ত কৰিব পৰা নাছিল।

লগে লগে সূৰ্য লাল দাস দোকানৰ মজিয়াত ঢলি পৰে আৰু কিছু মুহুৰ্তৰ ভিতৰতে আকস্মিক মৃত্যু হয়। ঘটনাৰ পাছতে যুৱক দুজনে আক্ৰমণ কৰি মাতৃক লৈ বজাৰৰ পৰা পলায়ন কৰে।

বজাৰৰ মাজমজিয়াত দিন দুপৰতে এজন দৰ্জীক আক্ৰমণ কৰি হত্যা কৰা ঘটনাটোৰ কিছু সময়ৰ পিছত বজাৰৰ আন আন ব্যৱসায়ী সকল ঘটনাস্থলিত উপস্থিত হয় ।ঘটনাৰ খবৰ পাই ঘটনাস্থলিত উপস্থিত হয় জাগীৰোড থানাৰ আৰক্ষী বিষয়া মুন প্ৰকাশ তিৱাৰী আৰু মায়ঙৰ ৰাজহ চক্ৰ বিষয়া গৰাকী।

সন্ধিয়াৰ পৰত আৰক্ষীৰ দলে হত্যাকাৰী যুৱক ভাতৃক কোৱৰ গাঁৱৰ ঘৰৰ পৰাই আটক কৰিব লৈ সক্ষম হয়। ইতিমধ্যে সূৰ্য লাল দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে সূৰ্য লাল দাসৰ কৰুণ মৃত্যুত ভাগি পৰিছে পত্নী,দুই পুত্ৰ আৰু পৰিয়ালৰ লোক।কাৰণ ঘৰ খনৰ উপাৰ্জনৰ একমাত্ৰ ব্যক্তি আছিল ৪৮ বছৰীয়া সূৰ্য লাল দাস। দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব লৈ দাবী উত্থাপন কৰিছে পৰিয়ালৰ ফালৰ পৰা।

মায়ঙৰ ঝাৰগাঁও বজাৰৰ মাজমজিয়াত দিনৰ পোহৰতে এজন  দৰ্জীক হত্যা
২৫ বছৰত ২৩ বাৰকৈ পৰীক্ষা দি গণিতত স্নাতকোত্তৰ লাভ ৫৬ বছৰীয়া ব্যক্তিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in