মায়ঙৰ গৰুমৰাত নৃশংস হত্যাকাণ্ড

মৰিগাঁও জিলাৰ মায়ঙৰ বুৰাবুৰী পঞ্চায়তৰ অন্তৰ্গত গৰুমৰাত দেওবাৰে নিশা প্ৰায় ৯.১০ বজাত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ বুৰাবুৰী পঞ্চায়তৰ অন্তৰ্গত গৰুমৰাত দেওবাৰে নিশা প্ৰায় ৯.১০ বজাত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। হত্যাকাণ্ডত প্ৰাণ যায় ৪০ বছৰীয়া আবিদুজ জামান নামৰ এজন লোকৰ। ঘৰৰ পৰা সামান্য দূৰত খোজ কাঢ়ি গৈ থকা অৱস্থাত কোনো দুৰ্বৃত্তই আবিদুজ জামানক হত্যা কৰে।

Advertisment

সন্দেহ কৰা অনুসৰি পূৰ্ব পৰিকল্পনা মতে অতি নিষ্ঠুৰ ভাবে হত্যা কৰা হয় জামানক।আন্ধাৰৰ সুযোগলৈ চোকা অস্ত্ৰৰে দেহৰ বিভিন্ন অংগত হানি খুচি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায় দুৰ্বৃত্তৰ দলটোৱে। ইপিনে ঘটনাৰ খবৰ পাই মৃতদেহৰ কাষত যথেষ্ট লোক জমা হোৱা পৰিলক্ষিত হৈছে। আনহাতে কোনে হত্যাকাণ্ডটো সংঘটিত কৰিলে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।

অৱশ্যে আবিদুজ জামানৰ নিজৰ গাঁৱৰ বহু মানুহৰ সতে শত্ৰুতা থকা বুলি খৱৰ পোৱা গৈছে। আনকি পৰিয়ালৰলোকৰ লগতো দীৰ্ঘদিন ধৰি মাটি-বাৰী সংক্ৰান্তীয় সংঘাত চলি থকা বুলি এক বিশেষ সূত্ৰৰ পৰা জানিবলৈ দিয়ে। হত্যাকাণ্ডৰ খৱৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় মায়ং থানাৰ আৰক্ষীৰ দল।

এই ঘটনাৰ পাছতেই অঞ্চলটোত বৰ্তমান তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। লোমহৰ্ষক হত্যাকাণ্ডটো কোনে সংঘটিত কৰিলে আৰক্ষীৰ তদন্তত খুব কম সময়ৰ ভিতৰত পোহৰলৈ অহাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে স্থানীয়ই।

Also Read: ওদালগুৰিতো গুৰুজনাৰ জন্মজয়ন্তীৰ মহাৰজত বৰ্ষ পালন

Assam police