ওদালগুৰিতো গুৰুজনাৰ জন্মজয়ন্তীৰ মহাৰজত বৰ্ষ পালন

ওদালগুৰিতো গুৰুজনাৰ জন্মজয়ন্তীৰ মহাৰজত বৰ্ষ পালন

ডিজিটেল সংবাদ, ওদালগুৰিঃ সমগ্ৰ অসমৰ লগতে ওদালগুৰিতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী দেওবাৰৰে পৰা ৫দিনীয়া কাৰ্যসূচীৰে ওদালগুৰি শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা হয়। পুৱা প্ৰভাতফেৰী আৰু নাম-প্ৰসঙ্গৰ অন্তত প্ৰায় ১০-৩০বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ফনীন্দ্ৰ সূত্ৰধাৰে। পতাকা উত্তোলন কৰি প্ৰদান কৰা ভাষণত গুৰুজনাৰ আদৰ্শৰ বিষয়ে তেওঁ উল্লেখ কৰে।

ইয়াৰ পাছত পৰৱৰ্তী কাৰ্যসূচী হিচাপে ফণীধৰ ৰাজবংশীৰ দ্বাৰা ভাগৱত পাঠ কৰা হয়। সন্ধিয়া ৬বজাত বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰঞ্জিৎ দাসে। উক্ত কাৰ্যসূচীৰ সমান্তৰালভাৱে গুৰুজনাৰ জন্মজয়ন্তী উদযাপনস্থলীত অৰ্দ্ধসহস্ৰাধিক বন্তি প্ৰজ্বলনেৰে আলোকিত কৰা হয়। উল্লেখযোগ্য যে জিলাখনত চলি থকা ছমহীয়া পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী ৪দিনৰ কাৰ্যসূচী ৫, ৬, ৭ আৰু ৮ অক্টোবৰলৈ পিছুৱাই দিয়া বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। উক্ত ৪দিনৰ কাৰ্যসূচীত ৫ অক্টোবৰৰ দিনা মহাৰজত জয়ন্তীৰ ৭৫ খনকৈ পতাকা উত্তোলন, ভাগৱত লৈ নগৰ পৰিভ্ৰমণ, দিহানাম প্ৰতিযোগিতা, আৰু নিশা "বায়ন ভাওৰীয়া" শীৰ্ষক নাট মঞ্চস্থ হ'ব।

৬ অক্টোবৰত সৰু ল'ৰা-ছোৱালীৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, ঘোষানাম প্ৰতিযোগিতা, বৰগীত প্ৰতিযোগিতাৰ লগতে সন্ধিয়া অসমৰ জনপ্ৰিয় দিহানামৰ পাঠকনী ভাগ্যশ্ৰী দেৱীৰ দ্বাৰা দিহানাম প্ৰদৰ্শনৰ পাছতে নিশা কলা-কৃষ্টি আৰু "হিৰণ্যকশিপু বধ" শীৰ্ষক নাট প্ৰদৰ্শন। ৭ অক্টোবৰত চিত্ৰাঙ্কণ, সত্ৰীয়া নৃত্য প্ৰতিযোগিতাৰ লগতে সন্ধিয়া গহপুৰৰ জ্যোতি মিলন সংঘৰ দ্বাৰা টোকাৰী গীত পৰিবেশন; ৮ অক্টোবৰত পুৱা ভেশচন প্ৰতিযোগিতাৰ পিছত বিয়লি মুকলি ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। উক্ত সভাত সভাপতিত্ব কৰিব বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে।

সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা আৰু বিশিষ্ট সাহিত্যিক হৃষিকেশ গোস্বামী নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে। ইয়াৰোপৰি কেইবাগৰাকীও বিশিষ্ট অতথি আৰু আমন্ত্ৰিত অতিথিয়ে উক্ত সভাত অংশগ্ৰহণ কৰিব।

ইয়াৰ পাছতে নিশা জামুগুৰিহাটৰ ভাওনাৰ দলৰ দ্বাৰা দক্ষ "যজ্ঞ ভাওনা" শীৰ্ষক ভাওনা প্ৰদৰ্শনৰ পিছতে নিশা ধৰ্মধ্বজা অৱতৰণ কৰি অনুষ্ঠানৰ সামৰণি পৰিব। ওদালগুৰিত অনুষ্ঠিত হ'বলগীয়া গুৰুজনাৰ জন্মজয়ন্তীৰ মহাৰজত বৰ্ষৰ প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিৰ হৈ সাধাৰণ সম্পাদক গুণজিৎ দাসে।

ওদালগুৰিতো গুৰুজনাৰ জন্মজয়ন্তীৰ মহাৰজত বৰ্ষ পালন
লুৰিণজ্যোতি গগৈৰ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ বিস্ফোৰক মন্তব্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in