মায়ঙত পুত্ৰৰ স্মৃতিত পিতৃয়ে নিৰ্মাণ কৰে মুক্তিধাম...

মায়ঙত পুত্ৰৰ স্মৃতিত পিতৃয়ে নিৰ্মাণ কৰে মুক্তিধাম...

ডিজিটেল সংবাদ, মায়ং : মায়ঙৰ লোনমাটিৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন শইকীয়াই পুত্ৰৰ স্মৃতিত নিৰ্মাণ কৰিব মুক্তিধাম। তেওঁৰ কণিষ্ঠ পুত্ৰ শশাংক শইকীয়াই যোৱা ৫ মাৰ্চত আকস্মিক ভাৱে অকাল মৃত্যুক সাবটি লয়। শিক্ষক পিতৃ মাতৃৰ লগতে মায়ঙৰ প্ৰতিজন লোকক কন্দুৱাই অতি কম বয়সতে অকাল মৃত্যুক আকোৱালি লোৱা পুত্ৰ শশাংকৰ স্মৃতি ৰক্ষাৰ বাবে পিতৃ ৰাজেন শইকীয়াই আগবাঢ়ি আহিছে এখন মুক্তিধাম নিৰ্মাণৰ বাবে।

মায়ঙৰ হাতীমুৰীয়া গাঁৱৰ ৰাইজে অস্থায়ী শ্মশানতে যুগ যুগ ধৰি মৃতকৰ সৎকাৰ কৰি অহাত বহু অভাৱৰ সন্মুখীন হৈছিল। চৰকাৰ বা গাঁও পঞ্চায়ত কৰ্তৃপক্ষক বহু আবেদন নিবেদন কৰে যদিও কোনো সহাঁৰি নাপালে স্থানীয় ৰাইজে। সেয়ে উক্ত শ্মশানখন ৰাজেন শইকীয়াই পুত্ৰ শশাংকৰ স্মৃতিত নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহে। শ্মশান, জিৰণী চৰা,পানীৰ সুবিধা, পোহৰ যোগানকে ধৰি যি অভাৱ আছে সকলোখিনি অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন শইকীয়াই দ্বায়িত্ব লৈ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা অনুষ্ঠানত গাঁৱখনৰ বহু কেইজন বিশিষ্ট সমাজকৰ্মী উপস্থিত থাকে। হাতীমুৰীয়া গাঁৱৰ প্ৰতিজন লোকেই অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন শইকীয়াৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ লগতে পৰিয়াল বৰ্গৰ শলাগ লৈছে। ৰাজেন শইকীয়া এজন সমাজ কৰ্মী লোক। অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সতে তেওঁ জড়িত থাকে।

মায়ঙত পুত্ৰৰ স্মৃতিত পিতৃয়ে নিৰ্মাণ কৰে মুক্তিধাম...
যন্তৰ-মন্তৰত ১৮ দিনৰ দিনাও অব্যাহত আছে মল্লযোদ্ধাসকলৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in