/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4c9ed60e-1c54-43ca-ae17-6736f0b5b500/Mayong_workshop.jpg)
ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত মায়ং আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আৰু জাগীৰোড সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হোৱা সপ্তাহজোৰা লোকবাদ্য, বৰগীত আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে । সামৰণি অনুষ্ঠানৰ দিনা মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় এখন মুকলি সভা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/68e0552a-ff28-4883-8e68-c37402b9383c/a44a1c11_d7d7_4880_9fed_a1662d2f55dc.jpg)
মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফনিভূষণ নাথৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কেইবাগৰাকী বিশিষ্ট অতিথিয়ে বক্তব্য আগবঢ়াই। পবিতৰা অভয়াৰণ্যৰ প্ৰাক্তন বনাঞ্চলিক বিষয়া মুকুল তামুলী, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰা, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক লেখক লোকেন্দ্ৰ হাজৰিকা, অধ্যাপক ড০ উৎপল নাথ, মায়ং আঞ্চলিক শাখা সাহিত্য সভাৰ সভানেত্ৰী ৰেণু প্ৰভা লস্কৰকে ধৰি কেইবাজনো অতিথি উপস্থিত থাকে।
উল্লেখ্য সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বালক কৃষ্ণ নৃত্য পৰিবেশন, খোল বাদন, ঝুমুৰা নৃত্য, মাটি আখৰা প্ৰদৰ্শনকে ধৰি ভালে কেইটা নৃত্য প্ৰদৰ্শন কৰা হয়। আনহাতে মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিহু সুৰক্ষা সমিতিৰ সভাপতি মনোজ কুমাৰ নাথে আৰু আদৰণি অনুষ্ঠানৰ আঁত ধৰে প্ৰশিক্ষক প্ৰশান্ত কুমাৰ খাউণ্ডে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/54952598-a203-47ed-be03-092c39c66692/85f2d1ad_d061_487c_8b67_1713503ad241.jpg)
প্ৰশিক্ষক হিচাপে উপস্থিত থাকি শতাধিক প্ৰশিক্ষাৰ্থীক বৰগীত, লোকবাদ্য আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়ে নিৰেন কাকতি, ৰঞ্জিত হাজৰিকা আৰু প্ৰশান্ত কুমাৰ খাউণ্ডে। উক্ত প্ৰশিক্ষণত অংশগ্ৰহণ কৰে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে। সভাৰ শেষত শলাগৰ শৰাই দিয়ে শিক্ষক বীৰেশ্বৰ কেলেঙে।
Also Read: বঢ়মপুৰৰ সৰবৰহী যুৱক দেৱজিৎ হাজৰিকাৰ মৃত্যু..