মায়ঙত অপৰিৱৰ্তিত বান পৰিস্থিতি ,৪৯ খন গাঁও জলমগ্ন

মায়ঙৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত হৈ আছে।বানত বুৰ গৈছে বিদ্যালয়,পথ আৰু চৰকাৰী শিক্ষানুষ্ঠান।

author-image
Asomiya Pratidin
New Update
মায়ঙত অপৰিৱৰ্তিত বান পৰিস্থিতি ,৪৯ খন গাঁও জলমগ্ন

ডিজিটেল সংবাদ, মায়ংঃ মায়ঙৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত হৈ আছে।বানত বুৰ গৈছে বিদ্যালয়,পথ আৰু চৰকাৰী শিক্ষানুষ্ঠান।

Advertisment

ব্ৰহ্মপুত্ৰৰ ভদীয়া বানত বুৰ গৈছে পবিতৰা অভয়াৰণ্যৰ ৪০ শতাংশ এলেকা আৰু মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত ৪৯ খন ৰাজহ গাঁও জলমগ্ন হৈছে। মায়ঙৰ পকৰীয়া মৌজাৰ ঠায়ে ঠায়ে পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

হাত নাৱেৰেই স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ অহা যোৱা চলিছে।মুঠৰ ওপৰত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।বুৰাবুৰী পঞ্চায়তৰ অন্তৰ্গত পশ্চিম নেকেৰাহাবী আৰু হামিদীয়া প্ৰাথমিক বিদ্যালয়,আশীঘৰ ,চপৰাপাৰ,মুৰকটা,পাভকাতিৰ বৰামাৰী প্ৰাথমিক বিদ্যালয় বৰ্তমান বানত বুৰ গৈছে।মায়ং আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত পানী প্ৰৱেশ কৰিছে।

Also Read: কলকাতাত অনুষ্ঠিত সৌন্দৰ্য্য প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ তেজপুৰৰ প্ৰতিমা দাসলৈ

flood