মায়ঙৰ চনকাত ব্ৰহ্মপুত্ৰৰ খহনীয়া, শংকিত স্থানীয় ৰাইজ...

মায়ঙৰ চনকাত ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া। চনকাৰ বনভোজ থলীও খহনীয়াৰ কবলত পৰিছে। চপৰা চপৰে খহি আছে নৈৰ গৰা।

author-image
Asomiya Pratidin
New Update
মায়ঙৰ চনকাত ব্ৰহ্মপুত্ৰৰ খহনীয়া, শংকিত স্থানীয় ৰাইজ...

ডিজিটেল সংবাদ, মায়ংঃ মায়ঙৰ চনকাত ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া। চনকাৰ বনভোজ থলীও খহনীয়াৰ কবলত পৰিছে। চপৰা চপৰে খহি আছে নৈৰ গৰা।

Advertisment

চনকাৰ বিহাৰী বস্তিত খহনীয়াৰ আতংক। ইয়াকে লৈ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বহুতৰে ঘৰৰ কাষত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া।পথৰ গাৰ্ড ৱাল নৈৰ বুকুত বিলিন হোৱাৰ উপক্ৰম।

বৈদ্যুতিক খুটা উভালি পৰাৰ আশংকাত ভুগিছে গাঁৱৰ ৰাইজ। খহনীয়া প্ৰতিৰোধ নকৰিলে চনকালৈ যোৱা একমাত্ৰ পথটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা আছে।বৰ্তমান লৈ মৰিগাঁও জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে এই সন্দৰ্ভথ কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে।

Also Read: মৰিগাঁৱত গণ প্ৰহাৰত মৃত্যু গৰু চোৰ ছাদ্দাম হুছেইনৰ, আৰক্ষীকো আক্ৰমণ ৰাইজৰ