মৰিগাঁৱত গণ প্ৰহাৰত মৃত্যু গৰু চোৰ ছাদ্দাম হুছেইনৰ, আৰক্ষীকো আক্ৰমণ ৰাইজৰ

সোমবাৰে নিশা গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত কৰায়ত্ত ৩ টাকৈ চোৰ। লগতে পলায়ন কৰে আন দুটা চোৰে।

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱত গণ প্ৰহাৰত মৃত্যু গৰু চোৰ  ছাদ্দাম হুছেইনৰ, আৰক্ষীকো আক্ৰমণ ৰাইজৰ

ডিজিটেল ডেস্কঃ মৰিগাঁৱৰ আঁহতগুৰিত গৰু চুৰিক কেন্দ্র কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। সোমবাৰে নিশা গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত কৰায়ত্ত ৩ টাকৈ চোৰ। লগতে পলায়ন কৰে আন দুটা চোৰে।

Advertisment

কলীয়া দাস নামৰ লোকজনৰ ঘৰত গৰু চুৰি কৰিবলৈ গৈছিল দলটো। ধৃত চোৰকেইটাক উত্তম-মধ্যম দি আৰক্ষীক গতাই দিয়ে ৰাইজে। ইয়াৰে এজন চোৰৰ গণ প্ৰহাৰৰ ফলত মৃত্যু হয়। নিহত চোৰটোৰ নাম ছাদ্দাম হুছেইন। আহত কেইজনক মৰিগাঁও অসামৰিক চিকিৎ‍সালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল আৰু তাতেই মৃত্যু হয় ছাদ্দামৰ। আনহাতে আহত চোৰ দুটা বিল্লাল আলী, মিজাৰুল হক।

উত্তেজিত চোৰৰ দুখনকৈ বাহনো জ্বলাই দিয়ে। এই ঘটনাক কেন্দ্ৰ কৰিয়েই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰে যদিও উত্তেজিত ৰাইজে আৰক্ষীৰ ওপৰতো আক্ৰমণ চলায়। আৰক্ষীৰ বাহনতো আক্রমণ উত্তেজিত লোকৰ। ঘটনা সন্দৰ্ভত বৰ্তমানো তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত।

Also Read: হাটশিঙিমাৰীত বিদ্যুৎ‍স্পৃষ্ট হৈ মৃত্যু দুজন লোকৰ

Assam police