মায়ঙৰ বালিমুখত শালিধানৰ পথাৰত পোকৰ উপদ্ৰৱ

মৰিগাঁও জিলাৰ মায়ঙৰ এখন শালিধানৰ পথাৰত এতিয়া কৃষকৰ উচুপনি।

author-image
Asomiya Pratidin
New Update
মায়ঙৰ বালিমুখত শালিধানৰ পথাৰত পোকৰ উপদ্ৰৱ

ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ এখন শালিধানৰ পথাৰত এতিয়া কৃষকৰ উচুপনি। পথাৰত যিয়ে এবাৰ গৈছে চকুপানী টুকিব লগা হৈছে। কোনো উপাই বিচাৰি পোৱা নাই কৃষকসকলে। এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কৃষকৰ মাজত। কিয়নো পথাৰখনত এবিধ বিষাক্ত পোকে উপদ্ৰৱ চলাই আহিছে বিগত কিছুদিন ধৰি। পথাৰখন মায়ঙৰ ঝাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত বালিমুখত। গাঁওখনৰ কৃষক ৰাইজে বহু বছৰৰ মূৰত এইবাৰ প্ৰায় ১০০বিঘা মাটিত শালিধানৰ খেতি কৰিছিল।

Advertisment

গাঁঠিৰ ধন খৰচ কৰি মূৰৰ ঘাম মাটিত পেলাই গাঁওখনৰ দক্ষিণফালৰ পথাৰত জহা, বৰা, কাৰ্বালং, আই আৰ ফিফটিকে ধৰি বিভিন্ন জাতৰ শালি ধানৰ খেতি কৰি এতিয়া দুশ্চিন্তাত পৰিছে কৃষক। প্ৰতিখন পথাৰত সেউজীয়া ৰঙৰ এবিধ পোকে এফালৰ পৰা ধানগছৰ পাত খাই তহিলং কৰিছে। উল্লেখ্য যে, পোক বিধৰ নাম হুৰ পোক বুলি জানিব পৰা গৈছে। বজাৰৰ পৰা কীটনাশক দৰৱ ক্ৰয় কৰি কৃষকসকলে মহামাৰী সদৃশ এই পোকৰ উপদ্ৰৱ কমাবলৈ চেষ্টা কৰিছে যদিও কোনো ফল পোৱা নাই। ইপিনে শুকুৰবাৰে জিলাৰ মহকুমা কৃষিবিষয়া মেহদি আৰিফ হুছেইনক গাঁওখনৰ কৃষকসকলৰ এই দুৰৱস্থাৰ কথা অৱগত কৰোৱা হৈছে।

বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি কৃষি বিষয়াগৰাকীৰ নেতৃত্বত শনিবাৰে পুৱাৰ ভাগত এটা কৃষি বিভাগৰ দল বালিমুখ পথাৰত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা হাতত ল'ব বুলি জানিবলৈ দিয়ে। এই হুৰ পোক বিধৰ বংশবৃদ্ধি ক্ষীপ্ৰ ভাৱে হয় আৰু নিৰ্দিষ্ট পথাৰখনত প্ৰায় ৩০০বছৰলৈ ইয়াৰ কু-ফল ভুগি থাকিব লাগীয়া হ'ব পাৰে বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে।

Also Read: ঢকুৱাখনাত অজন্তা নেওগ মুর্দাবাদ ধ্বনিৰে উত্তাল সমাজ কল্যাণ বিভাগৰ কাৰ্য্যালয়

agriculture department