/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7c6ca45e-bd71-4032-ad93-22e7e40e2ef8/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত সহস্ৰাধিক অংগনৱাদী কৰ্মী-সহায়িকাৰ প্ৰতিবাদত উত্তাল বিভাগীয় কাৰ্যালয়। প্ৰকল্পটোৰ অন্তৰ্গত ৫২২টা কেন্দ্ৰৰ কৰ্মী-সহায়িকাসকলে নাৰ্য প্ৰাপ্য বিচাৰি সাব্যস্ত কৰে সবল প্ৰতিবাদ। শুকুৰবাৰে ঢকুৱাখনা নগৰৰ প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি সাব্যস্ত কৰে গণ প্ৰতিবাদ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/3188c21c-7538-4de0-b572-7243770c3a76/74e7d79c_ca4e_4f3f_be3f_183777249eec.jpg)
অসম ৰাজ্যিক অংগৱাদী কৰ্মী-সহায়িকা সন্থাৰ ঢকুৱাখনা প্ৰকল্প সমিতিৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। আমাক আমাৰ প্ৰাপ্য দিয়ক, প্ৰতাৰক সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগ মুর্দাবাদ, পোষণৰ নামত শোষণ নচলিব, প্ৰৱঞ্চক অসম চৰকাৰ গ' বেক আদি বিভিন্ন শ্লোগান দি কাৰ্য্যালয় চৌহদ উত্তাল কৰি তোলে। ঢকুৱাখনা প্ৰকল্প সমিতিৰ সভানেত্ৰী ধৰিত্ৰী দেবী ভৰালী, সম্পাদিকা অনুৰাধা গগৈৰ নেতৃত্বত সহস্ৰাধিক কৰ্মী-সহায়িকাই সাব্যস্ত কৰে এই প্ৰতিবাদ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/44fb87e8-9faa-4912-8848-4add4ba12cfd/4125aecf_5598_40a1_9d68_8d11981b1bf1.jpg)
প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰৰ পৰা অতিৰিক্ত মাননী কৰ্মীৰ বাবে ১২ হাজাৰ টকা আৰু সহায়িকাৰ বাবে ১০ হাজাৰ টকালৈ বৃদ্ধি কৰা, অৱসৰীসকলৰ এককালীন সাহায্য ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়া, কৰ্মী-সহায়িকাক গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰা, কৰ্মৰত সহায়িকাক কৰ্মী পদত পদোন্নতি দিয়াৰ, সকলো কেন্দ্ৰৰ আন্তঃগাঁঠনি উন্নত কৰা আদি দাবী উত্থাপন কৰি দীৰ্ঘসময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্মী-সহায়িকাসকলৰ প্ৰতিবাদত প্ৰকল্পটোৰ স্বাভাৱিক কাম-কাজ বাধাগ্ৰস্ত হয়। উল্লেখ্য যে প্ৰতিবাদকাৰীসকলে ঢকুৱাখনা প্ৰকল্প বিষয়াৰ জৰিয়তে সমাজ কল্যাণ বিভাগৰ সঞ্চালকলৈ এখন ৬ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
Also Read: গোৱালপাৰাৰ লক্ষীপুৰত কৃষি মেলা