/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ea172984-0a5a-43bd-99b9-be5184bfd722/157.jpg)
ডিজিটেল সংবাদ,মায়ং : নাকৰ দ্বাৰা এ+ গ্ৰেড লাভ কৰা মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ নৱাগতা আদৰণি সভাখন অনুষ্ঠিত কৰা হয়। নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে নৱাগত আদৰণি সভাৰ আয়োজন কৰা হয়।
শনিবাৰে অনুষ্ঠিত কৰা নৱাগত আদৰণি সভাখন বিগত কেইবছৰৰ দৰে আজিও সফলভাৱে অনুষ্ঠিত হয়। পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰাই।
শ্বহীদ তৰ্পণ আৰু মায়ং খনিকৰ দিপন চন্দ্ৰ নাথৰ আৱক্ষ মূৰ্ত্তিত মাল্যৰ্পন কৰে মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহই। নৱাগত ছাত্ৰ ছাত্ৰীৰ আদৰণি অনুষ্ঠানৰ পিছতেই দুপৰীয়াৰ ভাগত মুকলি সভা অনুষ্ঠিত হয়।
সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ অধ্যাপক ড০ পৰাগ ফুকনে। তেওঁ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে নতুন শিক্ষা নীতিৰ বিষয়ে বিষদভাৱে বক্তব্য আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/34078c6e-7663-4aa8-9e56-b289f609242c/e363ac72_d2fb_4553_9ff5_d199fc77f851.jpg)
তেওঁ কয় যে পুথিগত শিক্ষাৰ ওপৰতেই ভৰষা নকৰি দক্ষতা বিকাশৰ শিক্ষাৰ ওপৰতো গুৰুত্ব দিবলৈ আহ্বান জনায়। ছাত্ৰ-ছাত্ৰীসকলক দৃঢ়তা, একাগ্ৰতাৰ লগে লগে নিয়মানুৱৰ্তিতাৰ সমানে সমানে সময়ৰ জ্ঞানকো গুৰুত্ব দিবলৈ আহ্বান জনায়।
ইফালে সভাত আঁত ধৰে মহাবিদ্যালয়ৰ অধ্যাপক ড০ উৎপল নাথে। সভাখনত উপস্থিত থাকে মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোঁৱৰ,মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফণীভূষণ নাথ, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ সভাপতি প্ৰফুল্ল কুমাৰ ভূঞা, সমাজ কৰ্মী ৰামচন্দ্ৰ শইকীয়া,মিনাৰ্ভা একাডেমীৰ অধ্যক্ষ পুলেন ৰংহাংৰ লগতে ভালেসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল।
আনহাতে মহাবিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ তত্বাৱধায়ক অতুল চন্দ্ৰ নাথ, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰুদ্ৰ বৰুৱা, সাংস্কৃতিক সম্পাদিকা গীতাঞ্জলী শইকীয়াই আজিৰ নৱাগত আদৰণি সভাখন সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলোৰে শলাগ লয়। সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী দিপলীনা ডেকাই গীত পৰিৱেশন কৰে।
Also Read: মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অথন্তৰ : বিপাঙত মহাবিদ্যালয় কৰ্তৃপক্ষ